/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-21-11-14.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে ভাৰতীয় নৌসেনাৰ উন্নত যোগাযোগ উপগ্ৰহ GSAT-7R (CMS-03) সফলতাৰে উৎক্ষেপণ কৰে।
দেওবাৰে সন্ধিয়া ৫.২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাটোকৈ গধূৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে।
উল্লেখ্য যে, CMS-03 একাধিক বেনযুক্ত সামৰিক যোগাযোগ উপগ্রহ। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্ৰহটো LVM3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হ'ব।
ইছৰোই প্রকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূভাগসহ মহাসাগৰীয় অঞ্চলত সেৱা আগবঢ়াব। ইফালে এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে মহাকাশ সংস্থা আৰু ইয়াৰ বিজ্ঞানীৰ দলটোক অভিনন্দন জ্ঞাপন কৰে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা পোষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে লিখে যে, "আমাৰ মহাকাশ খণ্ডই আমাক গৌৰৱান্বিত কৰি আহিছে! ভাৰতৰ গধূৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ'ক অভিনন্দন। তেওঁলোকৰ সফলতাই জাতিটোক লৈ গৈছে আৰু অগণন লোকৰ জীৱন উন্নত কৰিছে।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us