Advertisment

মহাকাশখণ্ডত ষ্টাৰ্ট- আপৰ গুৰুতৰ ভূমিকাৰ কথা দোহাৰিলে ইছৰোৰ অধ্যক্ষই...

ভাৰতৰ মহাকাশ কাৰ্যকলাপ সম্প্ৰসাৰণৰ বাবে ব্যক্তিগতখণ্ড আৰু ষ্টাৰ্ট-আপৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে...

author-image
Asomiya Pratidin
New Update
isro

ডিজিটেল ডেস্ক : ভাৰতৰ মহাকাশ কাৰ্যকলাপ সম্প্ৰসাৰণৰ বাবে ব্যক্তিগতখণ্ড আৰু ষ্টাৰ্ট-আপৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কেৰালাৰ ষ্টাৰ্ট- আপ মিছনে আয়োজন কৰা ফ্লেকছিট ষ্টাৰ্ট- আপ ফেষ্টিভেল হাদল গ্ল’বেল ২০২৪ত অংশ লৈ এই মন্তব্য কৰে ইছৰোৰ অধ্যক্ষগৰাকীয়ে।

Advertisment

তেঁও কয় যে এটা স্বীকৃতিপ্ৰাপ্ত মহাকাশ শক্তি হোৱাৰ পাছতো ভাৰতৰ বিশ্ব ব্যৱসায়ত ইয়াৰ অংশ মাত্ৰ ২ শতাংশহে। বৰ্তমান ৩৮৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০৩০ত ইয়াক ৫০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ আৰু ২০৪৭ ত ১.৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰত উপনীত হোৱা লক্ষ্য লৈছে ইছৰোৱে।

ব্যক্তিগতখণ্ডৰ বাবে ব্যৱসায়িক কাৰ্যকলাপৰ পৰিসৰ বৃদ্ধিৰ সন্দৰ্ভত আঙুলিয়াই দি তেওঁ কয়- ভাৰতত মাত্ৰ ১৫টা কাৰ্যক্ষম মহাকাশ উপগ্ৰহ আছে। যিটো তুলনামূলকভাৱে কম। মহাকাশ প্ৰযুক্তিৰ দিশত ক্ৰমৱৰ্ধমান কোম্পানীসমূহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে মহাকাশত ৫০০ টা উপগ্ৰহ থ’ব পৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। 

তেওঁ আন্তঃগ্ৰহ অন্বেষণ সম্প্ৰসাৰণৰ কাৰ্যসূচীৰ সমান্তৰালভাৱে ভাৰতৰ মানৱ মহাকাশ উৰণ কাৰ্যসূচী প্ৰকল্পসমূহ ইছৰো আৰু ব্যক্তিগতখণ্ডৰ মাজত সহযোগিতাৰে ৰূপায়ণ হ’ব বুলি আশা ব্যক্ত কৰে। মহাকাশ অভিযানৰ গৱেষণা আৰু ভিন্ন ক্ষেত্ৰ চিনাক্ত কৰি কিছুমান নিৰ্বাচিত উদ্যোগলৈ সেই প্ৰযুক্তি হস্তান্তৰ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। 

ইছৰোৱে ৬১খন দেশৰ সৈতে সহযোগিতাৰে কাম কৰি থকাৰ কথা তেওঁ উল্লেখ কৰে। দৰ্শকৰ এক প্ৰশ্নোত্তৰত সোমনাথে কয়- ইলন মাস্কৰ আন্তঃগ্ৰহীয় বাসস্থানৰ প্ৰচেষ্টা শলাগ ল’বলগীয়া। কিয়নো অন্বেষণ কৰাতো মানুহৰ স্বভাবত আছে।

isro