/asomiyapratidin/media/media_files/2025/10/29/1-2025-10-29-12-58-24.jpeg)
ডিজিটেল ডেস্কঃ হামাছে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত আক্রমণ চলোৱাৰ তথ্য পোহৰলৈ আহিছে। এই আক্রমণত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় ৯০ জন হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ইজৰাইলে গাজাত আক্ৰমণ চলোৱাৰ সিদ্ধান্তৰ বিষয়ে আমেৰিকাক অৱগত কৰিছিল। এজন সামৰিক বিষয়াই কয় যে, হামাছৰ যোদ্ধাসকলে প্ৰথমে ইজৰাইল বাহিনীক আক্ৰমণ কৰিছিল।
আনহাতে, প্রধানমন্ত্রী নেতানিয়াহুৱে বলপূর্বক ব্যৱস্থা গ্রহণৰ নিৰ্দেশ দিয়াৰ পাছতে এই আক্রমণ সংঘটিত হয়। ইজৰাইলৰ বিষয়াসকলৰ মতে, হামাছে ৰাফাহ অঞ্চলৰ সমীপত ইজৰাইলৰ সৈন্যক ৰকেট চালিত গ্রেনেড আৰু স্নাইপাৰৰ গুলীৰে আক্ৰমণ কৰে।
ইয়াৰ কিছু সময়ৰ পাছতে ইজৰাইলৰ বিমান আক্রমণে গাজা চহৰৰ আল চাৱা চুবুৰী আৰু খান উইনিছত আঘাত কৰে। সূত্রই জনোৱা অনুসৰি হামাছে ইজৰাইল বাহিনীক আক্রমণ কৰা বুলি উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us