ইজৰাইলৰ আক্ৰমণত লেবাননত ৫ জনৰ মৃত্যু

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ আজি সপ্তমটো দিন। আজিও অব্যাহত যুদ্ধ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 6.25.32 PM

ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ  আজি সপ্তমটো দিন। আজিও অব্যাহত আছে যুদ্ধৰ বিভিষিকা ৷ তথ্য মতে,২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক অভিযানৰ পাছতে ইৰানত বৰ্তমানলৈকে কমেও ১২৩০ জন লোকৰ মৃত্যু হৈছে । 

2

উল্লেখ্য যে-  ক্ৰমাত এই যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইৰানৰ সংবাদ সংস্থা ফাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, ৰাজধানী টেহৰাণৰ দক্ষিণ-পশ্চিমে অৱস্থিত পাৰাণ্ড চহৰৰ দুখন বিদ্যালয়ত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ইপিনে লেবাননৰ দক্ষিণ উপকূলীয় চহৰ ছিডনত ইজৰাইলৰ আক্ৰমণত ৫ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হয় ৷ এই তথ্য সদৰী কৰিছে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে ৷ 

এই ক্ষেত্ৰত ইজৰাইলৰ সেনাবাহিনীয়ে কোনো তাৎক্ষণিক বিবৃতি প্ৰকাশ কৰা নাই । বৃহস্পতিবাৰে সন্ধিয়ালৈকে ইজৰাইল আৰু লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ মাজত হোৱা পুনৰ সংঘৰ্ষৰ ফলত লেবাননত ১২৩ জন লোক নিহত হোৱাৰ বিপৰীতে ৬৮৩ জন আহত হৈছে । ইয়াৰে কিমানজন সাধাৰণ নাগৰিক আছিল, সেয়া অৱশ্যে স্পষ্ট হোৱা নাই ।

ইৰান যুদ্ধ