মধ্য প্ৰাচ্যত যুদ্ধৰ দামামাঃ ইজৰাইলী আক্রমণত নিহত ইৰাণৰ প্রতিৰক্ষা মন্ত্ৰী

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইৰাণৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ UNSCৰ স্থায়ী সদস্যসকলৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্স বৈঠক আহ্বান কৰিছে।

author-image
Asomiya Pratidin
New Update
new ap web 4.jpg (5)

ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যত ইৰাণ-ইজৰাইলৰ মাজত চলি থকা যুদ্ধক লৈ বিশ্ব ৰাজনীতিত নতুন তৎপৰতা দেখা গৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইৰাণৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ UNSCৰ স্থায়ী সদস্যসকলৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্স বৈঠক আহ্বান কৰিছে। ৰাছিয়াই এই সংকটৰ গুৰুত্ব উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ আহ্বান জনাইছে। ফ্ৰান্স আৰু চীন দেশেও এই বৈঠকৰ পক্ষত আছে বুলি জানিব পৰা গৈছে।

ইফালে, কিছু সময় পূৰ্বে ব্ৰুজ খালিফাৰ সমীপত আক্ৰমণ কৰিছে ইৰাণী মিছাইলে। UAE-এ দাবী কৰিছে যে, ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সময়ত এজন পাকিস্তানী নাগৰিকৰ মৃত্যু ঘটিছে। ইউএইৰ বিবৃতিত কোৱা হৈছে যে, আবু ধাবীয়ে ইৰাণী ক্ষেপণাস্ত্ৰসমূহ ইণ্টাৰচেপ্ট কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। যাৰবাবে বন্ধ কৰি দিয়া হৈছে ডুবাইৰ বিমান বন্দৰ। উল্লেখযোগ্য যে, এই যুদ্ধত এতিয়ালৈ প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছে।

আনহাতে, ইজৰাইলী আক্রমণত নিহত হৈছে ইৰাণৰ প্রতিৰক্ষা মন্ত্রী আজিজ নাছিৰজাদেহ। আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রতিৰক্ষা মন্ত্রীজন নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই সন্দৰ্ভত ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত জনাইছে যে “যিমানদূৰলৈ মই জানো নেতাজন এতিয়াও জীৱিত আছে। আল-আলম টিভিৰ তথ্য অনুসৰি তেওঁ শীঘ্ৰে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।

ইফালে, ইজৰাইল-ইৰাণ সংঘাতে ভাৰততো প্ৰভাৱ পেলাইছে। মুম্বাই বিমানবন্দৰত আজি সন্ধিয়া ৫:৪৫ বজালৈ মুঠ ৫৭খন উৰণ বাতিল কৰা হৈছে। ইয়াৰে ২৪খন আগমনৰ আৰু ৩৩খন প্ৰস্থানৰ উৰণ বুলি জানিব পৰা গৈছে।

আনহাতে, যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছে বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে, কিছু সময় পূৰ্বে ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰি দিছে। আই আৰ জি চিৰ নৌসেনাই ভি এইচ এফ ৰেডিঅ’ৰ জৰিয়তে ঘোষণা কৰে যে, কোনো জাহাজক পাৰ হ’বলৈ দিয়া নহয়।

ইজৰাইল ইৰাণ ইজৰাইল যুদ্ধ