ইজৰাইল-ইৰানৰ যুদ্ধৰ মাজতে আমেৰিকাৰ খৰচ ১৮.৮৫ কোটি টকা

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মানৱ সম্পদৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মধ্যপ্ৰাচ্যত ষষ্ঠ দিনটোতো বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰানে পুৱা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ 

উল্লেখ্য যে, আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মানৱ সম্পদৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। আনপিনে ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে- এই যুদ্ধ প্ৰায় এমাহ বা হয়তো তাতোকৈ বেছিদিনো চলাৰ সম্ভাৱনা আছে। 

ইপিনে পোহৰলৈ আহিছে আন এক খবৰ। ইৰানৰ ওপৰত আক্ৰমণৰ প্ৰথম ২৪ ঘণ্টাতৰ ভিতৰতেই আমেৰিকাই ব্যয় কৰিছিল ৭৭৯ মিলিয়ন ডলাৰ। ইৰানৰ ওপৰত আক্ৰমণৰ বাবে আমেৰিকাই জেৰাল্ড আৰ ফ’ৰ্ডকে ধৰি দুটাকৈ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ মধ্যপ্ৰাচ্যত মোতায়েন কৰিছিল। আনফালে,আক্ৰমণৰ পূৰ্বে বিমান,নৌসেনাৰ জাহাজ নিয়োগ,আঞ্চলিক সম্পদ সংগ্ৰহকে ধৰি সামৰিক প্ৰস্তুতিৰ আনুমানিক ব্যয় আছিল প্ৰায় ৬৩ কোটি। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰি প্ৰায় ১২০০ লোকক হত্যা কৰি ২৫১ জন পণবন্দী লোৱাৰ পাছৰে পৰা আমেৰিকাই ইজৰাইলক ২১.৭ বিলিয়ন ডলাৰৰ সামৰিক সাহায্য প্ৰদান কৰিছে। 

ইয়াৰ ভিতৰত য়েমেন,ইৰান আৰু মধ্যপ্ৰাচ্যত ইজৰাইলৰ যি কাৰ্যকলাপ আছিল সেই সকলোবোৰ খৰচো অন্তৰ্ভুক্ত আছে। যাৰ বাবে ৯.৬৫ বিলিয়ন ডলাৰৰ পৰা ১২.০৭ বিলিয়ন ডলাৰৰ ভিতৰত খৰচ হয়। 

ইৰান যুদ্ধ