গঢ়িছে সু-সম্পৰ্কঃ ভাৰত-ইজৰাইলৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

ইজৰাইলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি দ্বিতীয়টো দিন। ইজৰাইলত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজকীয় সম্ভাষণ জনাই আদৰণি জনাইছিল দেশখনে।

author-image
ইমন দাস
New Update
WhatsApp Image 2026-02-26 at 4.53.40 PM

সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোডী৷ দেশৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়েও তেওঁক বহু সন্মান প্ৰদান কৰিছে। বৰ্তমান সময়ত মোডীৰ সুনাম বহু দূৰলৈকে চৰ্চিত হৈ আছে ৷ এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ইমন দাসৰ এক প্ৰতিবেদন।

ইজৰাইলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি দ্বিতীয়টো দিন। ইজৰাইলত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজকীয় সম্ভাষণ জনাই আদৰণি জনাইছিল দেশখনে। এই ভ্ৰমণৰ অংশ হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰে আজি কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত কৰে। 

এই আলোচনাত ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বৰ বিস্তৃত পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ইয়াত প্ৰতিৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, বাণিজ্য আৰু জনসাধাৰণৰ মাজত বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে দুয়োগৰাকী নেতাই জৰুৰী আঞ্চলিক আৰু বিশ্বজনীন উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰে ।

প্ৰতিবেদন অনুসৰি, আজি দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক বিকাশৰ লক্ষ্যৰে অৰ্থনৈতিক, নিৰাপত্তা আৰু কূটনৈতিক ক্ষেত্ৰসমূহ সামৰি কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । 

ভাৰতে অতি সোনকালে ইজৰাইলৰ সৈতে এক ঐতিহাসিক কৌশলগত অংশীদাৰিত্বক চূড়ান্ত ৰূপ দিবলৈ আগবাঢ়িছে । ইয়াৰ জৰিয়তে আইৰণ ড’ম প্ৰযুক্তি ইজৰাইলৰ পৰা লাভ কৰিব । এই প্ৰস্তাৱিত চুক্তি কেৱল এক ক্ৰয় প্ৰক্ৰিয়াতকৈ অধিক ওপৰত আৰু ভাৰতৰ থলুৱা 'মিছন সুদৰ্শন চক্ৰ'ৰ, যাক প্ৰজেক্ট কুছা বুলিও কোৱা হয়, এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে বিবেচনা কৰা হৈছে । আই এ এন এছৰ প্ৰতিবেদন অনুসৰি, ইজৰাইলে 'মে'ক ইন ইণ্ডিয়া' পদক্ষেপৰ অধীনত আইৰণ ড’ম প্ৰযুক্তি ভাৰতলৈ হস্তান্তৰ কৰাৰ বাবে আনুষ্ঠানিক প্ৰস্তাৱ দিছে, যাৰ ফলত স্থানীয় উৎপাদন আৰু হ্ৰস্ব দূৰত্বৰ ৰকেট, মৰ্টাৰ আৰু ড্ৰ’ণ আক্ৰমণক প্ৰতিহত কৰিবলৈ ডিজাইন কৰা বহুস্তৰীয় আকাশী প্ৰতিৰক্ষা ব্যৱস্থাত একত্ৰীকৰণ সম্ভৱ হ'ব ।

ইয়াৰ উপৰি ভাৰতে ইজৰাইলৰ নতুন আইৰণ বীম লেজাৰ ভিত্তিক ব্যৱস্থাৰ প্ৰতিও প্ৰবল আগ্ৰহ প্ৰকাশ কৰিছে । এই ব্যৱস্থাটোক কম খৰচী আকাশী ভাবুকিৰ বিৰুদ্ধে এক মূল্যৱান আৰু 'পোহৰৰ গতি' সমাধান হিচাপে প্ৰত্যক্ষ কৰা হৈছে । প্ৰস্তাৱিত সহযোগিতাৰ উদ্দেশ্য এছ-৪০০ৰ দৰে দীৰ্ঘ দূৰত্বৰ প্লেটফৰ্মৰ পৰিপূৰক হিচাপে কাম কৰিব পৰা উচ্চ সফলতাৰ হাৰ বিশিষ্ট সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় চহৰসমূহ আৰু মূল আন্তঃগাঁথনিসমূহক সুৰক্ষিত কৰা । ইয়াৰ ব্যাপক লক্ষ্য হৈছে ২০৩০ চনলৈকে এক 'অভেদ্য' ৰাষ্ট্ৰীয় সুৰক্ষা কৱচ নিৰ্মাণ কৰা ।এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জোগকো সাক্ষাৎ কৰাৰ কথা আছে । 

উল্লেখযোগ্য যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো ইজৰাইল ভ্ৰমণে এক নতুন ইতিহাসৰ সূচনা কৰিছে। ইজৰাইলৰ সংসদত ভাষণ প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ লগে লগে ইজৰাইলৰ সংসদত উপস্থিত থকা সকলো লোকে প্ৰধানমন্ত্ৰীগৰাকীক অভিবাদন জ্ঞাপন কৰে। ইজৰাইলৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় নৰেন্দ্ৰ মোডী। ইফালে ইজৰাইলৰ সংসদে প্ৰধানমন্ত্ৰীগৰাকীক “স্পীকাৰ অৱ দ্য নেচেট মেডেল”ৰে সন্মানিত কৰে । নেচেটৰ সৰ্বোচ্চ সন্মান এই পদক লাভ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোডী। 

সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীগৰাকীয়ে পোষ্ট কৰা পৰিলক্ষিত হয়। তেওঁ পোষ্টটোত উল্লেখ কৰে যে- "মই মেডেল অব দ্য নেছেট লাভ কৰি অতিশয় সন্মানিতবোধ কৰিছোঁ । মই সন্মানক মই বিনম্ৰতা আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিছোঁ । এই সন্মান এজন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নহয়, বৰঞ্চ ভাৰত আৰু ইজৰাইলৰ মাজত থকা চিৰস্থায়ী বন্ধুত্বৰ প্ৰতিহে । ই আমাৰ দুয়োখন দেশক পথ প্ৰদৰ্শন কৰা অংশীদাৰিত্বমূলক মূল্যবোধক প্ৰতিফলিত কৰে ।"   

এইখিনিতে উল্লেখ কৰিব লাগিব যে- ইজৰাইলৰ সংসদত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰদান কৰি কয় যে- "এই প্ৰতিষ্ঠিত সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মান । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু এখন প্ৰাচীন সভ্যতাৰ প্ৰতিনিধি হিচাপে, আন এখন সভ্যতাক সম্বোধন কৰি এনে কাম কৰিছো । মই মোৰ লগত লৈ আছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান, আৰু অংশীদাৰিত্বৰ বাৰ্তা কঢ়িয়াই আনিছো ।"

ইজৰাইলৰ প্ৰতিনিধি সদনত বুধবাৰে  প্ৰধানমন্ত্ৰীয়ে কয় যে গাজা শান্তি পদক্ষেপে অঞ্চলটোত “ন্যায্য আৰু স্থায়ী শান্তি”ৰ প্ৰতিশ্ৰুতি দিছে।লগতে কয়- “সন্ত্ৰাসবাদ, য’তেই সংঘটিত হয়, সকলোতে শান্তিৰ প্ৰতি ভাবুকি,” আৰু ইজৰাইলৰ দৰেই ভাৰততো “সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ সামঞ্জস্যপূৰ্ণ আৰু আপোচবিহীন নীতি আছে, য’ত কোনো দ্বৈত মানদণ্ড নাই”। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণত আপোনজনক হেৰুৱা পৰিয়ালসমূহৰ প্ৰতিও ভাৰতৰ গভীৰ শোক প্ৰকাশ কৰে  প্ৰধানমন্ত্ৰী মোডীয়ে। 

দেশখনত অৱতৰণ কৰাৰ কেইঘণ্টামান পাছতে নেচেটত প্ৰধানমন্ত্ৰী মোডীয়ে দিয়া ভাষণত উল্লেখ কৰে যে- হামাছৰ এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত হেৰাই যোৱা প্ৰতিটো প্ৰাণ আৰু পৃথিৱী ছিন্নভিন্ন হোৱা প্ৰতিটো পৰিয়াললৈও ভাৰতবাসীৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । ইজৰাইলৰ প্ৰতিনিধি সদন নেচেটত দিয়া প্ৰথম ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কয়-গাজা শান্তি পদক্ষেপে অঞ্চলটোত “ন্যায্য আৰু স্থায়ী শান্তি”ৰ প্ৰতিশ্ৰুতি দিছে। লগতে কয়- "আমি আপোনাৰ দুখ অনুভৱ কৰিছো, আমি আপোনাৰ দুখৰ অংশীদাৰ । ভাৰত এতিয়া আৰু ভৱিষ্যতে ইজৰাইলৰ সৈতে দৃঢ় আৰু আত্মবিশ্বাসেৰে থিয় দিছে । কোনো কাৰণেই সাধাৰণ নাগৰিকক হত্যা কৰাটো ন্যায্যতা প্ৰদান কৰিব নোৱাৰে । সন্ত্ৰাসবাদক একোৱেই ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।ইপিনে  ভাৰতে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ যন্ত্ৰণা ভোগ কৰি আহিছে ।"

প্ৰণিধানযোগ্য যে- প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- "আমি ২৬/১১ৰ মুম্বাই আক্ৰমণ আৰু ইজৰাইলী সাধাৰণ নাগৰিককে ধৰি নিৰীহ লোকৰ জীৱনক মনত পেলাইছো, যিসকলক নিহত হৈছিল । আপোনাৰ দৰেই আমাৰো সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ এক সামঞ্জস্যপূৰ্ণ আৰু আপোচবিহীন নীতি আছে, য'ত কোনো দ্বৈত মানদণ্ড নাই ।সন্ত্ৰাসবাদৰ লক্ষ্য হৈছে সমাজসমূহক অস্থিৰ কৰা,উন্নয়নত বাধা দিয়া আৰু আস্থা ভংগ কৰা। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ স্থায়ী আৰু সমন্বিত বিশ্বব্যাপী পদক্ষেপৰ প্ৰয়োজন কিয়নো যিকোনো ঠাইতে সন্ত্ৰাসবাদে সকলোতে শান্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সেয়েহে ভাৰতে অঞ্চলটোত স্থায়ী শান্তি আৰু স্থিতিশীলতাত অৰিহণা যোগোৱা সকলো প্ৰচেষ্টাক সমৰ্থন কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- গাজা শান্তি পদক্ষেপে আগলৈ যোৱাৰ পথ আগবঢ়ায়। লগতে ইজৰাইলৰ প্ৰতিনিধি সদন নেচেটত দিয়া প্ৰথম ভাষণত কয় যে গাজা শান্তি পদক্ষেপে অঞ্চলটোত 'ন্যায্য আৰু স্থায়ী শান্তি'ৰ প্ৰতিশ্ৰুতি দিছে।''

ইমানেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে উল্লেখ কৰে যে- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন লাভ কৰা গাজা শান্তি পদক্ষেপে আগুৱাই যোৱাৰ পথ আগবঢ়াইছে। ভাৰতে এই পদক্ষেপৰ প্ৰতি দৃঢ় সমৰ্থন প্ৰকাশ কৰিছে। আমি বিশ্বাস কৰোঁ যে ই পেলেষ্টাইন সমস্যাৰ সমাধানকে ধৰি এই অঞ্চলৰ সকলো জনসাধাৰণৰ বাবে ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰতিশ্ৰুতি দিয়ে। আমাৰ সকলো প্ৰচেষ্টা প্ৰজ্ঞা, সাহস, আৰু মানৱতাৰ দ্বাৰা পৰিচালিত হ'ব লাগিব। শান্তিৰ পথ সদায় সহজ নহয়, কিন্তু ভাৰতে এই অঞ্চলত আলোচনা, শান্তি, আৰু স্থিতিশীলতাৰ বাবে আপোনালোক আৰু বিশ্বৰ সৈতে থিয় দিছে ।" তেওঁ আৰু কয় যে ইজৰাইলৰ সংকল্প, সাহস আৰু কৃতিত্ব ভাৰতত অতিশয় প্ৰশংসিত ।

তেওঁ কয় যে- ভাৰতৰ স্বাধীনতাৰ পাছত বহু ভাৰতীয় নেতাই ইজৰাইলৰ জনসাধাৰণৰ সৈতে এক আত্মীয়তা অনুভৱ কৰিছিল । ১৯৫০ চনৰ পৰা ভাৰতীয় সংসদীয় বিতৰ্কই মৰুভূমিত কৃষি বিকাশৰ বাবে ইজৰাইলৰ প্ৰচেষ্টাক তেওঁলোকৰ প্ৰশংসাৰ সাক্ষ্য দাঙি ধৰে । তেওঁ কয়, "ইজৰাইলৰ কিবুটছ আন্দোলনে আমাৰ আচাৰ্য বিনোবা ভাৱে আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ দৰে নেতাক অনুপ্ৰাণিত কৰিছিল । প্ৰথমে মোৰ গৃহ ৰাজ্য গুজৰাটত, আৰু এতিয়া সমগ্ৰ ভাৰতত, মই দেখিছো যে "প্ৰতি টোপাল, অধিক শস্য" পদ্ধতিয়ে কৃষিত আচৰিত কাম কৰা দেখিছো। যোৱা মাহত বিশ্বই আন্তঃৰাষ্ট্ৰীয় হ'ল কাষ্ট স্মৃতি দিৱস উদযাপন কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে । 

প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰদান কৰি কয় যে-গুজৰাটৰ নৱনগৰৰ মহাৰাজাই জাম চাহেব নামেৰেও পৰিচিত ইহুদী শিশুকে ধৰি পোলেণ্ডৰ শিশুসকলক আশ্ৰয় দিছিল, যি সকলৰ আন ক'লৈকো যাব পৰা নাছিল। মোক কোৱা হৈছে যে শেহতীয়াকৈ মোশ্বৱ নেবাটিমত জাম চাহেবৰ এটা মূৰ্তি উন্মোচন কৰা হৈছে। ভাৰত আৰু ইজৰাইলৰ মাজত কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ ব্যতিক্ৰমী অৱদানৰ স্বীকৃতি স্বৰূপে  তেওঁৰ ব্যক্তিগত নেতৃত্বৰ জৰিয়তে এই পদক প্ৰদান কৰা হৈছে ।

আনফালে, ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে- প্ৰধানমন্ত্ৰী মোডীৰ সৈতে  মোৰ বন্ধুত্বতকৈও বেছি ভাতৃসুলভ সম্পৰ্ক আছে। আমি একেলগে দুয়োখন দেশৰ ব্যৱসায়ৰ  দুগুণ কৰিছো, আমাৰ সহযোগিতা তিনিগুণ বৃদ্ধি কৰিছো, আমাৰ বুজাবুজি চাৰিগুণ বৃদ্ধি কৰিছো ।" এক কথাত ক'বলৈ গ'লে দুয়োখন দেশৰ মাজত শক্তি অধিক দৃঢ় কৰিছো।

ইজৰাইল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী