/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-2026-03-05-11-48-16.jpeg)
ডিজিটেল ডেস্কঃ প্ৰতিদিনাই ইজৰাইল-আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। আজি ষষ্ঠ দিনটোতো অব্যাহত মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা। মিছাইল আৰু ড্ৰ’নৰে কৰা আক্ৰমণ ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে।
এই যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৪ মাৰ্চ বুধবাৰে ইৰানৰ নতুন উচ্চতম নেতা মোজতাবা খামেইনীক লৈ সকিয়নী প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰিছে যে- মোজতাবা খামেইনীয়ে যদি কাৰ্যভাৰ গ্ৰহণ কৰে তেন্তে তেওঁক হত্যা কৰাৰ কথা মুকলিকৈ উল্লেখ কৰে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত আয়াতুল্লা আলী খেমেইনীৰ পুত্ৰ মোজতাবা খেমেইনীক পৰৱৰ্তী উচ্চতম নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ সময়তে এই ভাবুকি প্ৰদান কৰা হৈছে ইৰানৰ নতুন উচ্চতম নেতাগৰাকীক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-im-2026-03-05-11-39-48.jpeg)
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত এক পোষ্টত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে যে- ইৰানৰ নতুন উচ্চতম নেতা মোজতাবা খামেইনীয়ে যদি কাৰ্যভাৰ গ্ৰহণ কৰে তেন্তে তেওঁক হত্যা কৰা হ'ব। সন্ত্ৰাসবাদী চৰকাৰৰ যিজন নেতাই ইজৰাইলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিব স্পষ্টভাৱে তেওঁলোকক শেষ কৰাই আমাৰ লক্ষ্য হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-20-2026-03-05-11-40-09.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us