/asomiyapratidin/media/media_files/2025/12/11/new-ap-web-1-37-2025-12-11-18-04-38.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত পাকিস্তানৰ আই এছ আই এজেন্ট গ্ৰেপ্তাৰ। দুজনকৈ আই এছ আই এজেন্টে গোপনে অৰুণাচল প্ৰদেশত সেনা বাহিনীৰ গতিবিধিৰ তথ্য সংগ্ৰহ কৰি আছিল। যোৱা মাহতে আৰক্ষীৰ নজৰলৈ আহে কাশ্মীৰৰ এজন সন্দেহজনক যুৱকৰ গতিবিধিৰ তথ্য।
ইটানগৰৰ চিম্পু আৰক্ষী থানাত পঞ্জীয়ন হোৱা এটা গোচৰৰ তদন্তত পোহৰলৈ আহে যে কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি বুলি পৰিচিত কুপৱাৰা জিলাৰ নাজিৰ আহমেদ মালিক নামৰ যুৱকজনক চিম্পুৰ পৰা আটক কৰে। আৰক্ষীৰ তদন্তত মালিকৰ পৰা জব্দ হোৱা ম'বাইল ফোনৰ পৰা অৰুণাচল প্ৰদেশত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ চাউনী, গতিবিধি আদিৰ তথ্য পাকিস্তানত থকা আই এছ আইৰ বিষয়ালৈ এনক্ৰিপ্টেড টেলিগ্ৰাম বাৰ্তা যোগে প্ৰেৰণ কৰিছিল।
আৰক্ষীৰ তদন্তত আন এজন কাশ্মীৰী যুৱক ছাবিৰ আহমেদ মিৰকো ইটানগৰৰ আবোটানি কলনি এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে। সদ্যহতে ইটানগৰত এছ আই টিয়ে এওলোকক জেৰা কৰি আছে। আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই কথা তদন্তৰ খাতিৰত প্ৰকাশ কৰা নাই। উল্লেখ্য যে মাত্ৰ ছয় দিন পূৰ্বে পাকিস্তানে অৰুণাচল প্ৰদেশক চীনৰ অংশ বুলি দাবী কৰিছিল।
এনে প্ৰেক্ষাপটত অৰুণাচল প্ৰদেশৰ পৰা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেন্টলৈ অৰুণাচল প্ৰদেশত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ তথ্য সৰবৰাহ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক অসমৰ্থিত সুত্ৰই সদৰি কৰা মতে কাশ্মীৰৰ এই যুৱক দুজনে অৰুণাচল প্ৰদেশৰ চীন সীমান্ত অঞ্চল ভ্ৰমণ কৰিছিল।
আৰক্ষীয়ে দুজনৰ ম'বাইল পৰা ইতিমধ্যেই ডিলিট কৰি দিয়া বহু মেছেজ উদ্ধাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত আই এছ আই এজেন্ট দুটাক সম্প্ৰতি ন্যায়িক জিম্মাত ইটানগৰৰ জোলাঙত থকা চেণ্ট্ৰেল জেইলত ৰখা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us