পাকিস্তানৰ মানুহে কুকুৰ মাংস খোৱাৰ বাবেই ইমানকৈ ভুকে নেকি? আফ্ৰিদীক প্ৰশ্ন কৰিছিল ইফৰান পাঠানে...

ভাৰতৰ সৈতে আছিল পাকিস্তানৰ ক্ৰিকেট মেচ। পাকিস্তানত মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল। সেই সূত্ৰে দুয়োটা দলৰ সদস্যক বিমানৰে কাৰাচীলৈ লৈ যোৱাৰ সিদ্ধান্ত কৰা হৈছিল। ভাৰত-

author-image
Asomiya Pratidin
New Update
ihhdd

ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে আছিল পাকিস্তানৰ ক্ৰিকেট মেচ। পাকিস্তানত মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল। সেই সূত্ৰে দুয়োটা দলৰ সদস্যক বিমানৰে কাৰাচীলৈ লৈ যোৱাৰ সিদ্ধান্ত কৰা হৈছিল। ভাৰত-পাকিস্তানৰ সকলো খেলুৱৈক একেখন বিমানতে নিয়াৰ ব্যৱস্থা কৰা হৈছিল।

উক্ত বিমানখনত বহি থকা ভাৰতীয় বলাৰ ইফৰান পাঠানক  এটা কথাত ধেমালি কৰি পাকিস্তানৰ খেলুৱৈ শ্বাহিদ আফ্ৰিদীয়ে 'বাচ্ছা' বুলি কৈছিল। আফ্ৰিদীৰ এই ঠাট্টাসূচক কথাষাৰ শুনি সহ্য কৰিব নোৱাৰি ইফৰান পাঠানেও  ওলোটাই প্ৰশ্ন কৰিলে যে, তই মোৰ কেতিয়াৰ পৰা দেউতা হ'লি?

ইফৰান পাঠানে এনেদৰে ওলোটাই উত্তৰ দিয়াৰ পাছত অতিপাত খং উঠিল আফ্ৰিদীৰ। আৰু পাঠানক বহু বেয়া শব্দৰ উচ্চাৰণে গালি দিছিল আফ্ৰিদীয়ে। পাক খেলুৱৈগৰাকীৰ অতিপাত খং দেখি ইফৰান পাঠানে পুনৰ প্ৰশ্ন কৰিছিল যে, পাকিস্তানৰ মানুহে কুকুৰৰ মাংস খাই নেকি, এওঁ যে ইমানকৈ ভুকি আছে।

পাঠান আৰু আফ্ৰিদীৰ কাজিয়া এৰুৱাবলৈ সেই সময়ত বিমানত উপস্থিত থকা সকলোৱে চেষ্টা কৰিছিল। এই ঘটনাতো আছিল ২০০৬চনৰ। লাহোৰ বিমান বন্দৰত হৈছিল এই ঘটনাতো। শেহতীয়াকৈ এই ঘটনাতো পুনৰ চৰ্চালৈ আনিলে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইফৰান পাঠানে। এক সাক্ষাতকাৰত এই কাজিয়াখনৰ কথা নিজেই ৰাজহুৱা কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বলাৰ গৰাকীয়ে। 

ভাৰতীয় ক্ৰিকেট দল