আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গ'ল আয়াতুল্লা আলী খেমেনীৰ

শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত ৮৬ বছৰীয়া খামেনী নিহত হয়। এই আক্ৰমণত খামেনেইৰ কন্যা, নাতি, বোৱাৰী আৰু জোঁৱাই নিহত হৈছে বুলিও জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
grgrefsddfs

ডিজিটেল ডেস্কঃ অৱশেষত ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমেও আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে খামেনীৰ মৃত্যুৰ খবৰ।মধ্য প্ৰাচ্যৰ যুদ্ধৰ দামামাৰ মাজতে মাজনিশা ইৰানৰ সর্বোচ্চ নেতা আয়াতোল্লাহ আলি খামেনীৰ নিহত হোৱা বুলি একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী প্ৰকাশ কৰিছিল।

শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত ৮৬ বছৰীয়া খামেনী নিহত হয়। এই আক্ৰমণত খামেনেইৰ কন্যা, নাতি, বোৱাৰী আৰু জোঁৱাই নিহত হৈছে বুলিও জানিব পৰা গৈছে।

এই আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খামেনেইৰ মৃত্যু নিশ্চিত কৰি ইৰাণৰ জনসাধাৰণৰ বাবে ইয়াক সৰ্ববৃহৎ সুযোগ বুলি অভিহিত কৰিছে। ট্ৰাম্পে উল্লেখ কৰে যে,  ইৰানে এতিয়া নিজৰ দেশখন পুনৰ দখল কৰিব পাৰিব। খামেনেইৰ মৃত্যুৰ পিছত ইৰানে প্ৰতিশোধমূলক আক্ৰমণৰ সতৰ্ক কৰি দিছে। ইফালে সর্বোচ্চ নেতাগৰাকীৰ মৃত্যুত ইৰানত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে।

ইৰাণ ইজৰাইল যুদ্ধ ইজৰাইল