চৌদি আৰবৰ আৰামকো তেল শোধনাগাৰত ইৰানৰ ড্ৰোন আক্ৰমণ

চৌদি আৰবৰ অন্যতম গুৰুত্বপূৰ্ণ তৈল প্ৰতিষ্ঠান আৰামকোৰ ৰাছ তানুৰা শোধনাগাৰত ইৰানে ড্ৰোন আক্ৰমণ চলাইছে। এই আক্ৰমণৰ পিছতে সাৱধানতা অৱলম্বন কৰি চৌদি আৰামকো কৰ্তৃপক্ষই সাময়িকভাৱে শোধনাগাৰটো বন্ধ কৰি দিছে।

author-image
Asomiya Pratidin
New Update
AP FOR WEB iran oil

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ মাজতে চৌদি আৰবৰ অন্যতম গুৰুত্বপূৰ্ণ তৈল প্ৰতিষ্ঠান আৰামকোৰ ৰাছ তানুৰা শোধনাগাৰত ইৰানে ড্ৰোন আক্ৰমণ চলাইছে। এই আক্ৰমণৰ পিছতে সাৱধানতা অৱলম্বন কৰি চৌদি আৰামকো কৰ্তৃপক্ষই সাময়িকভাৱে শোধনাগাৰটো বন্ধ কৰি দিছে। 

এই ঘটনাই সমগ্ৰ অঞ্চলটোৰ শক্তি আন্তঃগাঁথনি আৰু গোলকীয় তেল যোগানৰ ক্ষেত্ৰত তীব্ৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, গোলকীয় তৈল বজাৰত এই ঘটনাৰ পাছতে তীব্ৰ চাপৰ সৃষ্টি হৈছে। ইৰানৰ সৈতে চলি থকা সংঘাতৰ বাবে বিশ্বৰ দৈনিক ২০ শতাংশ তেল পৰিবহণ হোৱা ঠেক সাগৰীয় পথ হৰমুজ প্ৰণালী প্ৰায় স্তব্ধ হৈ পৰিছে। তেহৰানে যদিও আনুষ্ঠানিকভাৱে এই পথটো বন্ধ কৰা নাই, তথাপিও নিৰাপত্তাজনিত কাৰণত বহু জাহাজ এই পথেৰে যাতায়াত স্থগিত ৰাখিছে।

বিশেষজ্ঞসকলৰ মতে, যদিহে এই অচলাৱস্থা দীৰ্ঘদিন ধৰি চলি থাকে, তেন্তে বিশ্বজুৰি তেলৰ নাটনি হোৱাৰ লগতে মুদ্ৰাস্ফীতি পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰণিধানযোগ্য যে, যোৱা শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰানৰ কেইবাটাও লক্ষ্যস্থানত মিছাইল আক্ৰমণ চলোৱাৰ পিছৰে পৰা এই সংঘাতে চৰম ৰূপ ধাৰণ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ইৰানে ইজৰাইলৰ লগতে চৌদি আৰব, কাটাৰ, সংযুক্ত আৰৱ আমিৰাত, কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহলৈ ধাৰাবাহিকভাৱে ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰিছে।

ইৰান