/asomiyapratidin/media/media_files/2026/03/05/239-2026-03-05-21-29-43.jpg)
ডিজিটেল ডেস্ক : শেহতীয়াকৈ প্ৰকাশ পোৱা উচ্চ-মানৰ উপগ্ৰহীয় চিত্ৰই ইৰানৰ বিভিন্ন কৌশলগত স্থানত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলী বাহিনীয়ে চলোৱা সামৰিক অভিযানৰ এক স্পষ্ট ছবি দাঙি ধৰিছে। 'ভান্টৰ' আৰু 'প্লেনেট লেবছ' নামৰ উপগ্ৰহ চোৰাংচোৱা সংস্থাৰ দ্বাৰা লোৱা এই ছবিসমূহত ইৰানৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক কেন্দ্ৰৰ ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হৈছে।
উপগ্ৰহীয় চিত্ৰত ইৰানৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা তলত দিয়া স্থানসমূহ ধ্বংস হোৱা দেখা গৈছে :
• ক্ষেপণাস্ত্র ঘাটি: য’ত থাকে ইৰানৰ অত্যাধুনিক মিছাইল চেন্টাৰসমূহ।
• নৌ-সেনাৰ ঘাটি: ইয়াত থাকে সামুদ্ৰিক নিৰাপত্তাৰ সৈতে জড়িত কেতবোৰ ব্যৱস্থা।
• ড্ৰোন কেন্দ্ৰ : য'ৰ পৰা ইৰানে ড্ৰোন পৰিচালনা কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাপ্ত তথ্য অনুসৰি, এই ছবিসমূহ ২০২৬ চনৰ ২১ ফেব্ৰুৱাৰী আৰু ৪ মাৰ্চত তোলা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us