/asomiyapratidin/media/media_files/2026/01/15/new-ap-web-3-4-2026-01-15-14-12-11.jpg)
ডিজিটেল ডেস্কঃ ইৰাণত পৰিস্থিতি প্ৰতিদিনাই অধিক ভয়াৱহ হৈ গৈ আছে। তাৰ মাজতে আমেৰিকাই যিকোনো মুহূৰ্তত ইৰাণত আক্ৰমণ কৰাৰো শংকা প্ৰকট হৈ পৰিছে। এফালে দেশখনৰ ভিতৰতে প্ৰতিবাদ-সংঘৰ্ষ তীব্ৰতৰ হৈ উঠিছে, আনফালে ডোনাল্ড ট্ৰাম্পৰ ভাবুকি।
কিন্তু এইবাৰ ইৰাণৰ তৰফৰ পৰাও যেন সকলো সীমা পাৰ কৰি দিয়া হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইৰাণে এখন ফটোৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সকীয়নি প্ৰদান কৰিছে। ২০২৪ত পেন্সিলভেনিয়াত ট্ৰাম্পৰ ওপৰত আক্ৰমণ কৰাৰ এখন ফটো ইৰাণে দেখুৱাইছে। এই ফটোখনত এক ৰেলীত ট্ৰাম্পক গুলীয়াই হত্যা কৰাৰ চেষ্টা চলোৱা হৈছিল। কিন্তু সৌভাগ্যক্ৰমে এই আক্ৰমণত ৰক্ষা পৰে ডোনাল্ড ট্ৰাম্প।
/asomiyapratidin/media/post_attachments/7f39dc8d-013.png)
এই ফটোখন বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনৰ লগতে লিখা আছে- ‘এইবাৰ গুলী লক্ষ্যত লাগিব’। ইয়াৰ দ্বাৰা পোনপটীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক সকীয়াই দিছে ইৰাণে। দেশখনত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত প্ৰায়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে ট্ৰাম্পক।
ইফালে, এই সকীয়নী দিয়া ফটোখন ইৰাণৰ চৰকাৰী টেলিভিছনতো সম্প্ৰচাৰ কৰা হৈছে। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে- ‘যদি ইৰাণত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা লোকসকলক হত্যা কৰিলে আমেৰিকাই তেওঁলোকক সহায়ৰ বাবে আগবাঢ়িব। আমি তেওঁলোকক সহায় কৰিবলৈ সাজু আছো।’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us