পুনৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰাণৰ আক্ৰমণ, নিহত ৪ জন লোক

শনিবাৰেও সংযুক্ত ইউএইত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সময়ত এজন লোক নিহত হোৱাৰ লগতে আন সাতজন লোক আহত হয় বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
uhdsuydtsudyu

ডিজিটেল ডেস্কঃ আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে এই পৰ্যন্ত ১৩৭টা ক্ষেপণাস্ত্ৰ আৰু ২০৯টা ড্ৰ’নেৰে ইউএইক আক্ৰমণ কৰে। এই আক্ৰমণৰ মূল লক্ষ্য হৈছে আবুধাবিৰ সমীপৰ আল-ধফৰা বিমান ঘাটি। ইউএইৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাই আকাশমাৰ্গতে বেছিভাগ মিছাইল আৰু ড্ৰ’ন ধ্বংস কৰিছিল। পিছে, দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰাণৰ দ্বিতীয়টো আক্ৰমণত চাৰিজন লোক আহত হয়।

ইফালে, শনিবাৰেও সংযুক্ত ইউএইত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সময়ত এজন লোক নিহত হোৱাৰ লগতে আন সাতজন লোক আহত হয় বুলি জানিব পৰা গৈছে। ডুবাইৰ বিমানবন্দৰ আৰু বিখ্যাত বুৰ্জ আল আৰব হোটেলতো ড্ৰ’ন আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হয়।

আনহাতে, ইৰানৰ ঘাতক মিছাইল পৰাৰ পিছতে শনিবাৰে খালী কৰি দিয়া হয় বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফা। বুৰ্জ খালিফাৰ পৰা ইতিমধ্যে সকলো লোকক আঁতৰাই নিয়াৰ খবৰ আহিছে। ডুবাইৰ পাম আইলেণ্ডৰ আকাশতো ধোঁৱা দেখা গৈছে।

উল্লেযোগ্য যে, ইৰানে শনিবাৰে উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি বেলিষ্টিক মিছাইল আক্ৰমণৰ ধাৰাবাহিক আক্ৰমণ চলায়। ক্ষেপণাস্ত্ৰ আক্ৰমণ আৰু আঞ্চলিক উত্তেজনাৰ বাবে ডুবাই বিমানবন্দৰ কৰ্তৃপক্ষই ডুবাই ইণ্টাৰনেশ্যনেল (ডিএক্সবি) আৰু আল মাকটুম ইণ্টাৰনেশ্যনেল (ডিডব্লিউচি)ৰ সকলো বিমান যাত্ৰা অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথা ঘোষণা কৰে।  

dubai