যুদ্ধৰ প্ৰভাৱ! ১লিটাৰ পে'ট্ৰলৰ মূল্য হ'লগৈ ৩৫১টকা...

ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত বিশ্বৰ প্ৰায়কেইখন দেশত ইন্ধনৰ নাটনিয়ে দেখা দিছে। আমাৰ দেশতো ইয়াৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়ালৈকে কোনো বিৰূপ প্ৰভাৱ পৰা

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত বিশ্বৰ প্ৰায়কেইখন দেশত ইন্ধনৰ নাটনিয়ে দেখা দিছে। আমাৰ দেশতো ইয়াৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়ালৈকে কোনো বিৰূপ প্ৰভাৱ পৰা নাই। কিন্তু চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ইতিমধ্যে ইন্ধনৰ নাটনিয়ে ব্যাপক মূল্যবৃদ্ধিৰ সৃষ্টি কৰিছে।

বেলুচিস্তান, খাইবাৰ পখতুনখোৱা, পাঞ্জাব (পাকিস্তান), সিন্ধুকে ধৰি বহু অঞ্চলত পেট্ৰ’ল পাম্পত ইন্ধনৰ নাটনিয়ে দেখা দিছে। বহু অঞ্চলত পেট্ৰ’ল পাম্প খালী হৈ আছে, দীঘলীয়া শাৰী পাতিও মানুহে পেট্ৰ’ল, ডিজেল সংগ্ৰহ কৰিব পৰা নাই।

ইফালে, পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে পাকিস্তান চৰকাৰে। নতুন মূল্য অনুযায়ী স্পীড পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৩৫১ পাকিস্তানী টকা, আৰু নিয়মীয়া পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৩২১ পাকিস্তানী টকা হৈছেগৈ।

প্ৰতিবেদন অনুসৰি, পাকিস্তানে ইৰাণৰ পৰা অবৈধ আমদানিৰ জৰিয়তে মুঠ তেলৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৩৫ শতাংশ পূৰণ কৰে । ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ বেলুচিস্তানত দেখা গৈছে, য’ত ইয়াৰ পেট্ৰ’ল আৰু ডিজেলৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৮০ শতাংশ ইৰাণৰ তেলেৰে পূৰণ কৰা হয়।

একেদৰে সিন্ধৰ তেলৰ প্ৰয়োজনীয়তাৰ প্ৰায় ২০ শতাংশ, খাইবাৰ পাখতুনখোৱাৰ প্ৰায় ১৮ শতাংশ আৰু পঞ্জাৱৰ প্ৰায় ১৩ শতাংশ তেলৰ প্ৰয়োজনীয়তা ইৰাণৰ তেলেৰে পূৰণ কৰা হয়। ইৰাণৰ তেল আন দেশৰ তেলতকৈ বহু কম মূল্যৰ, গতিকে পাকিস্তানৰ বহু অঞ্চলত ইয়াৰ ব্যৱহাৰ বেছি।

আনহাতে, ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্যত এই সংকটে বিশেষ প্ৰভাৱ পেলাব পৰা নাই। শেহতীয়াকৈ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে উল্লেখ কৰিছে যে ভাৰতত প্ৰায় ৭৪ দিনৰ তেলৰ মজুত আছে। 

পাকিস্তান