আমেৰিকাক ইৰাণৰ প্ৰত্যুত্তৰঃ আমি যুঁজিম, আঁঠু নলওঁ...

ইৰাণক বাৰে বাৰে আমেৰিকাই আত্মসমৰ্পণ কৰিবলৈ হেচাঁৰ লগতে সকিয়নী প্ৰদান কৰি আহিছে যদিও হাৰ মনা নাই দেশখনে। আমেৰিকাই ইয়াৰ বাবে ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg (1)

ডিজিটেল ডেস্কঃ ইৰাণক বাৰে বাৰে আমেৰিকাই আত্মসমৰ্পণ কৰিবলৈ হেচাঁৰ লগতে সকিয়নী প্ৰদান কৰি আহিছে যদিও হাৰ মনা নাই দেশখনে। আমেৰিকাই ইয়াৰ বাবে ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে। অতি সাহসিকতাৰে আমেৰিকাক প্ৰত্যুত্তৰো দি আহিছে ইৰাণে।

এনে পৰিস্থিতিৰ মাজতে ইৰাণে পুনৰ  ওলোটাই সকিয়নী প্ৰদান কৰিছে আমেৰিকাই। ইৰাণে স্পষ্ট কৰি দিছে যে, তেওঁলোকে ডনাল্ড ট্ৰাম্পৰ কোনো দাবী আৰু চৰ্ত মানি নলয়। তেওঁলোকে আমেৰিকাৰ ওচৰত কেতিয়াও আঠুঁ নলয় বুলি স্পষ্ট কৰি দিছে।

ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকৰ কালিবাফে কয় যে যুদ্ধৰ হেঁচাত ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে। ৰাজ্যিক সংবাদ সংস্থা ইৰনাই প্ৰকাশ কৰা তথ্য অনুসৰি কালিবাফে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণে কেইদিনমান যুদ্ধৰ পিছত প্ৰণাম কৰিব বুলি ধৰি লৈ ডাঙৰ ভুল কৰিলে। তেওঁ কয়, আমাৰ জাতি আৰু আমাৰ জনসাধাৰণে নিঃসন্দেহে আত্মসমৰ্পণ নকৰে। তেওঁলোকে যুঁজিব, সংগ্ৰাম কৰিব। 

 

ইৰাণ ইজৰাইল যুদ্ধ ইৰাণ