ইৰাণ-ইজৰাইল যুদ্ধঃ ইন্টাৰনেট বন্ধ, হাস্পতালত আক্ৰমণ...

ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধৰ আজি দশম দিন। দুয়োটা পক্ষই অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰতিআক্ৰমণ।

author-image
Asomiya Pratidin
New Update
IRANISRAELNEWSSS

ডিজিটেল ডেস্কঃ ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধৰ আজি দশম দিন। দুয়োটা পক্ষই অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰতিআক্ৰমণ। এই যুদ্ধৰ ফলত ইজৰাইল-ইৰাণৰ বহু ক্ষতিও হৈছে। বহু লোকৰ মৃত্যু হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক আহত হৈছে। 

ইৰাণৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰবক্তা হুমেন কৰমানপুৰে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে- যুদ্ধৰ ফলত ইৰাণৰ নাগৰিকৰ বহু ক্ষয়ক্ষতি হৈছে। কৰমানপুৰে কৰা পোষ্টটো অনুসৰি, ইৰাণৰ ১২০০ৰো অধিক লোক নিহত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে ১০সহস্ৰাধিক লোক। প্ৰায় ১২ বছৰৰ বয়সৰ ২০০ কিশোৰ, ২শতাধিক মহিলাৰ মৃত্যু হৈছে এই যুদ্ধৰ ফলত। তদুপৰি আহত হৈছে ১৪০০ৰো অধিক মহিলা-যুৱতী। 

এই যুদ্ধৰ ফলত ইৰাণৰ স্বাস্থ্য খণ্ডৰ বিস্তৰ ক্ষতিসাধন হৈছে। তেওঁ জনায় যে- দেশখনৰ ২৫খনকৈ হাস্পতালৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। লগতে ১৮টা জৰুৰীকালীন স্বাস্থ্য কেন্দ্ৰ আৰু ১৪খন এম্বুলেন্স সম্পূৰ্ণৰূপে নষ্ট হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইৰাণৰ প্ৰায়বোৰ এলেকাতেই বন্ধ হৈ পৰিছে ইন্টাৰনেট সেৱা। যাৰবাবে দেশখনৰ ভিতৰত বৰ্তমান যুদ্ধৰ ফলত কিমান প্ৰভাৱ পৰিছে বা ক্ষয়ক্ষতি হৈছে সেই বিষয়ে সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই। এই যুদ্ধখন আৰু অধিক দীঘলীয়া হলে ইজৰাইল আৰু ইৰাণ দুয়োখন দেশৰেই অৱস্থা অধিক বেয়াৰ দিশত আগবাঢ়িব। 

ইৰাণ ইজৰাইল যুদ্ধ