তেহৰাণৰ পৰা কুৱেইটলৈ ধ্বংসলীলা...

তেহৰাণৰ পৰা কুৱেইটলৈ কেৱল এতিয়া ধ্বংসলীলা। ২৮ ফেব্ৰুৱাৰীৰ পৰা মিডিল ইষ্টত যিধৰণৰ ধ্বংসলীলা চলিছে সেয়া বৰ্তমান সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে।

author-image
Asomiya Pratidin
New Update
tehrannn

ডিজিটেল ডেস্কঃ তেহৰাণৰ পৰা কুৱেইটলৈ কেৱল এতিয়া ধ্বংসলীলা। ২৮ ফেব্ৰুৱাৰীৰ পৰা মিডিল ইষ্টত যিধৰণৰ ধ্বংসলীলা চলিছে সেয়া বৰ্তমান সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে। আমেৰিকা আৰু ইজৰাইলে ইৰান সেনা বাহিনী আৰু চৰকাৰী কাৰ্যালয়সমূহক লক্ষ্য কৰি লৈ এফালৰ পৰা মিছাইলেৰে আক্ৰমণ কৰি গৈছে। 

প্ৰতিদিনাই ইজৰাইল-আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। মিছাইল আৰু ড্ৰ’নৰে কৰা আক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। ইফালে, আমেৰিকাৰ তৰফৰপৰা কোৱা হৈছে যে- ইৰাণৰ ২ সহস্ৰাধিক স্থানত আক্ৰমণ চলোৱা হৈছে। তদুপৰি তেহৰানৰ মিছাইল আৰু নৌসেনাৰ ওপৰত এই আক্ৰমণৰ গভীৰ প্ৰভাৱ পৰিছে। 

উল্লেখ্য যে, আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধত হিন্দু মহাসাগৰত আমেৰিকান পণ্ডুবী এখন নষ্ট হৈছে। ইৰাণৰ এই আক্ৰমণত পণ্ডুবীখনত থকা ৮৭গৰাকী নৌসেনাৰ সৈনিক শ্বহীদ হয়। অৱশ্যে এই আক্ৰমণত দুগৰাকী জোৱানক জীৱন্তে উদ্ধাৰ কৰা হৈছে। 

আনহাতে, ইজৰাইল সেনা বাহিনীয়ে লেবনান আৰু হিজবুল্লাহৰ ওপৰতো প্ৰতিদিনাই আক্ৰমণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি বেৰুটৰ দক্ষিণ এলেকাসমূহত তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণ কৰা হয়। লগতে লেবনানৰ উত্তৰে অৱস্থিত চহৰ ত্ৰিপোলীত থকা এটা শৰণাৰ্থীৰ কেম্পটো ইজৰাইল সেনাই আক্ৰমণ কৰে। 

ইফালে, ইৰাণেও ইজৰাইলক দিছে প্ৰত্যুত্তৰ। IDFয়ে সদৰী কৰা মতে, ইৰাণে এনে দেশসমূহক লক্ষ্য কৰি লৈছে য’ত আমেৰিকান এয়াৰবেছ নিৰ্মাণ কৰা হৈছে। ছৌদী আৰৱতো আক্ৰমণ অব্যাহত ৰখা হৈছে। 

আমেৰিকা ইৰাণ ইজৰাইল যুদ্ধ