/asomiyapratidin/media/media_files/2026/03/08/1-2026-03-08-12-45-22.jpg)
ডিজিটেল ডেস্কঃ যিমানেই দিন বাগৰিছে, সিমানেই মধ্যপ্ৰাচ্যত যুদ্ধৰ ভয়াৱহতা বৃদ্ধি পাই গৈয়ে আছে। আমেৰিকাৰ ওপৰত ইৰানৰ বিধ্বংসী আক্ৰমণৰ পাছতে আমেৰিকাই বিনা চৰ্তত আত্মসৰ্মপণৰ সকিয়নী প্ৰদান কৰিছিল। কিন্তু আমেৰিকাৰ এই সকিয়নী মানি লোৱা নাছিল ইৰানে।
শনিবাৰে ইৰানৰ ৰাষ্ট্ৰপতিয়ে উপসাগৰীয় দেশসমূহৰ ওপৰত হোৱা আক্ৰমণক ‘ভূল’ বুলি অভিহিত কৰি ইৰানৰ এই আক্ৰমণৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে । অৱশ্যে ইৰানে আমেৰিকা আৰু ইজৰাইলৰ ওচৰত আত্মসমৰ্পণ নকৰে বুলিও তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে, ইৰানৰ যুদ্ধংদেহী মনোভাৱ দেখি আমেৰিকাই শনিবাৰে নিশা ভয়ংকৰ আক্ৰমণ চলাই দেশখনত। ইজৰাইল সেনাৰ সৈতে মিলি ইৰাণৰ এটা তৈল খাদ আৰু এটা পানীৰ বৃহত প্ৰকল্প ধ্বংস কৰি দিয়ে আমেৰিকাই। ইৰানৰ মেহৰাবাদস্থিত এয়াৰপৰ্টতো ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকাই। লগতে মধ্যপ্ৰাচ্যৰ বিশেষকৈ সংযুক্ত আৰব আমিৰশ্বাহী,চৌদি আৰব,বাহৰেইন,কুৱেইট, কাটাৰৰ পৰিস্থিতিয়ে বহু দেশক চিন্তিত কৰি তুলিছে। ইয়াৰ ভিতৰত ভাৰত অন্যতম।
এই সকলোবোৰৰ মাজতে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে এক গুৰুত্বপূৰ্ণ বাৰ্তা আগবঢ়াইছে । তেওঁ কয় যে- ইৰানৰ শত্ৰুৱে যদি যিকোনো দেশ ব্যৱহাৰ কৰি আমাৰ ভূখণ্ডত আক্ৰমণ বা আক্ৰমণৰ চেষ্টা চলায়,তেন্তে আমি সেই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য হ'ম। সঁহাৰি দিয়াৰ অৰ্থ এয়া নহয় যে সেই দেশৰ সৈতে আমাৰ সংঘাত আছে বা আমি দেশখনৰ জনসাধাৰণৰ ক্ষতি কৰিব বিচাৰো। প্ৰয়োজন অনুসৰি আমি সঁহাৰি দিম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us