/asomiyapratidin/media/media_files/2026/01/10/iran-2026-01-10-11-50-39.jpg)
ডিজিটেল ডেস্কঃ ইৰাণত গণবিদ্ৰোহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চৰকাৰ তথা প্ৰশাসনৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা এক পৰিস্থিতিৰ উদ্ভৱ হৈছে দেশখনত। চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে ইৰাণত ইণ্টাৰনেট কৰ্তন আৰু টেলিফোন কল নিষিদ্ধ কৰা হৈছে।
স্থানীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি যোৱা মাহত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে কমেও ৬২ জন লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ বাবে আমেৰিকা আৰু ইজৰাইলৰ সন্ত্ৰাসবাদী এজেণ্টক দোষাৰোপ কৰিছে ইৰাণ চৰকাৰে।
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলি খাদেমেইনিয়ে ইৰাণৰ এই অস্থিৰ পৰিস্থিতিৰ বাবে ট্ৰাম্পে দেশৰ নাগৰিকসকলক মুছলমান বিৰোধী উচতনি দিয়া বুলি মন্তব্য কৰিছে। লগতে প্ৰতিবাদকাৰীসকলক শাস্তি দিয়াৰ কথাও ঘোষণা কৰিছে। নেতাগৰাকীৰ এনে বক্তব্যৰ পাছতে অধিক উত্তপ্ত হৈ পৰিছে দেশখন।
আয়াতোল্লা আলি খাদেমেইনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰি অহংকাৰী বুলি অভিহিত কৰিছে আৰু তেওঁৰ হাত ইৰাণীৰ তেজেৰে দাগ পৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ। ইৰাণত ২০২৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা তেহৰাণৰ দুখন বজাৰত আৰম্ভ হোৱা প্ৰতিবাদে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আৰু ৰিয়ালৰ মান ৰেকৰ্ডভাৱে হ্ৰাস পোৱাৰ বিৰুদ্ধে দেশজোৰা আন্দোলনলৈ পৰিণত হৈছে।
ইৰাণৰ চৰকাৰী সংস্থাই প্ৰদান কৰা এক তথ্য অনুসৰি, ইৰাণৰ ৩১খন প্ৰদেশৰ ১৮০খন চহৰৰ ৫১২টা স্থানত এই প্ৰতিবাদ বিয়পি পৰিছে। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ পোহৰত যোগ্য নিৰাপত্তা কৰ্তৃপক্ষই ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডুবাই আৰু ইৰাণৰ মাজত কমেও ১৭খন বিমান বাতিল কৰা হৈছে। ইৰাণত চলি থকা অশান্তিৰ বাবে তুৰ্কী এয়াৰলাইন্সেও ইৰাণৰ আকাশেৰে পাৰ হোৱা কেইবাখনো বিমান বাতিল কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us