শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক কঠোৰ শাস্তি প্ৰদান

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদী ইৰাণৰ এগৰাকী অক্লান্ত সমাজকৰ্মী। ইৰাণৰ নাগৰিকৰ মানৱাধিকাৰ সুস্থ গণতন্ত্ৰৰ হকে আৰু মৃত্যুদণ্ডৰ বিৰোধিতাৰ বাদেও মূলতঃ নাৰীৰ সম-অধিকাৰৰ দাবীৰে বিদ্যাৰ্থী জীৱনৰ পৰাই তেওঁ মাত মাতি আহিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদী ইৰাণৰ এগৰাকী অক্লান্ত সমাজকৰ্মী। ইৰাণৰ নাগৰিকৰ মানৱাধিকাৰ সুস্থ গণতন্ত্ৰৰ হকে আৰু মৃত্যুদণ্ডৰ বিৰোধিতাৰ বাদেও মূলতঃ নাৰীৰ সম-অধিকাৰৰ দাবীৰে বিদ্যাৰ্থী জীৱনৰ পৰাই তেওঁ মাত মাতি আহিছে। ২০২৩ চনৰ অক্টোবৰ মাহত কাৰাগাৰত কাৰাবন্দী হৈ থকা সময়ত তেওঁক ইৰাণৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে নাৰ্গিছ মহম্মদীয়ে অব্যাহত ৰখা যুঁজৰ বাবে ২০২৩ চনৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়।

The Struggle for Freedom: Iranian human rights activist Narges Mohammadi  advocates for 'Women, Life, and Freedom' from prison | George W. Bush  Presidential Center

উল্লেখ্য যে,  শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক ইৰাণত ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে।যাৰ বাবে তেওঁ পুনৰ চৰ্চালৈ আহিছে। দৰাচলতে ইৰাণ চৰকাৰ আৰু নাৰ্গিছ মহম্মদীৰ মাজত বিগত কেইবা দশক ধৰি সংঘাত চলি আহিছে। ৫৩ বছৰীয়া অভিযন্তা আৰু লেখক নাৰ্গিছ মহম্মদী হিউমেন ৰাইটছ ডিফেণ্ডাৰছ চেণ্টাৰৰ উপ-সভাপতি আছিল,যাৰ প্ৰতিষ্ঠা নোবেল বঁটা বিজয়ী শ্বিৰিন এবাদীয়ে কৰিছিল। ইপিনে ২০২৫ চনৰ ১২ ডিচেম্বৰত মছহাদত মানৱ অধিকাৰ অধিবক্তা খোছৰো আলিকোৰ্ডিৰ শোক সভাত অংশগ্ৰহণ কৰাৰ পাছতেই নাৰ্গিছ মহম্মদীক গ্ৰেপ্তাৰ কৰা হৈছিল। নাৰ্গিছ মহম্মদীয়ে ‘উচটনিমূলক বক্তব্য’ দিয়াৰ লগতে সভাত উপস্থিত থকা লোকসকলক ‘নিয়ম উলংঘা কৰা শ্লোগান উত্থাপন’ আৰু ‘শান্তি বিঘ্নিত’ কৰিবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

Narges Mohammadi: 2023 Nobel peace laureate on hunger strike after being  denied medical treatment over hijab ban

নাৰ্গিছ মহম্মদী ইৰাণ