/asomiyapratidin/media/media_files/2026/03/01/209-2026-03-01-23-56-31.jpg)
ডিজিটেল ডেস্ক : ইৰানৰ ধৰ্মীয়ভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ জামকাৰন মছজিদৰ গম্বুজত এক বিশেষ ‘ৰঙা পতাকা’ উত্তোলন কৰা হৈছে। ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে ই এক তীব্ৰ প্ৰতিশোধৰ সংকেত হিচাপে বিবেচিত হৈছে।
উল্লেখযোগ্য যে, শ্বিয়া পৰম্পৰা অনুসৰি, মছজিদৰ ওপৰত ৰঙা পতাকা উৰুৱাই দিয়াৰ অৰ্থ হ’ল— অন্যায়ৰ বিৰুদ্ধে যুদ্ধ আৰু প্ৰতিশোধৰ আহ্বান। যেতিয়ালৈকে কোনো অন্যায় বা হত্যাৰ প্ৰতিশোধ লোৱা নহয়, তেতিয়ালৈকে এই পতাকা উৰি থাকে। ইৰানৰ কোম চহৰত অৱস্থিত এই মছজিদত পতাকা উৰুৱাই সমৰ্থকসকলে খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ সংকল্প গ্ৰহণ কৰিছে।
প্ৰণিধানযোগ্য যে, যোৱা শনিবাৰ, ২৮ ফেব্ৰুৱাৰী, ২০২৬ত ইৰানৰ ৰাজধানী তেহৰানত আমেৰিকা আৰু ইজৰাইলৰ এক যুটীয়া বিমান আক্ৰমণত আয়াতুল্লাহ আলী খামেনেই নিহত হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us