/asomiyapratidin/media/media_files/2026/01/18/jsagdjsabsanxk-2026-01-18-17-56-51.jpg)
ডিজিটেল ডেস্কঃ ইৰাণত চলি থকা চৰকাৰবিৰোধী প্ৰতিবাদ দমন অভিযানক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। চিকিৎসকৰ উদ্ধৃতিৰে প্ৰকাশিত এক নতুন প্ৰতিবেদন অনুসৰি, এই প্ৰতিবাদ দমন অভিযানত এতিয়ালৈ কমেও ১৬ হাজাৰ ৫০০ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে আৰু প্ৰায় ৩ লাখ ৩০ হাজাৰ লোক গুৰুতৰভাৱে আহত হৈছে।
উল্লেখ্য যে, আৰম্ভণিতে অৰ্থনৈতিক সমস্যাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই প্ৰতিবাদ পিছলৈ গৈ ইৰাণৰ শাসন ব্যৱস্থাৰ অন্ত দাবী কৰা বৃহৎ গণআন্দোলনত পৰিণত হৈছিল। কেইসপ্তাহ ধৰি দেশজুৰি চলা এই প্ৰতিবাদে ইৰাণৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি তোলে।
শনিবাৰে এই প্ৰতিবাদ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে ৰাজহুৱা মন্তব্য আগবঢ়াই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইয়ে সদৰী কৰে যে, এই অস্থিৰ পৰিস্থিতিত “হাজাৰ হাজাৰ লোকৰ মৃত্যু” হৈছে। তেওঁ এই প্ৰতিবাদক বিদেশীৰ ষড়যন্ত্ৰৰ ফল বুলি আখ্যা দিয়ে।
খামেনেইৰ অভিযোগ অনুসৰি, আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই বিদ্ৰোহত প্ৰত্যক্ষভাৱে উচটনি দিছিল। “এই বিদ্ৰোহত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজে মন্তব্য কৰিছিল, বিদ্ৰোহী শক্তিক আগবাঢ়ি যাবলৈ উৎসাহ দিছিল আৰু কৈছিল—‘আমি আপোনালোকক সমৰ্থন কৰোঁ, সামৰিকভাৱেও সমৰ্থন কৰোঁ’,” বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। আনকি তেওঁ ডনাল্ড ট্ৰাম্পক “অপৰাধী” বুলি আখ্যা দি প্ৰতিবাদকাৰী সকলক আমেৰিকাৰ “পদাতিক সৈন্য” বুলি কটাক্ষ কৰে।
ইফালে, দ্য ছানডে টাইমৰ হাতত পৰা চিকিৎসক সকলৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, নিহতসকলৰ অধিকাংশই ৩০ বছৰৰ তলৰ যুৱক-যুৱতী বুলি অনুমান কৰা হৈছে। এই তথ্যই ইৰাণত চলি থকা প্ৰতিবাদ দমন অভিযানৰ ভয়াবহতা আৰু মানৱ অধিকাৰ সংকটৰ গভীৰতা স্পষ্ট কৰি তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us