ইৰাণত পৰিস্থিতি ভয়াৱহ! ১২ হাজাৰ লোকে হেৰুৱালে প্ৰাণ...

ইৰাণৰ নিৰাপত্তা বাহিনীৰ হাতত প্ৰায় ১২ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। ইৰাণ ইন্টাৰনেশ্যনেল নামৰ এটা ৱেবছাইটত এই দাবী কৰা হৈছে। এই ৱেবছাইটত লিখা হৈছে যে- ‘ইৰাণৰ আধুনিক ইতিহাসৰ আটাইতকৈ বৃহৎ হত্যাকাণ্ড’।

author-image
Asomiya Pratidin
New Update
web 3

ডিজিটেল ডেস্কঃইৰাণৰ নিৰাপত্তা বাহিনীৰ হাতত প্ৰায় ১২ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। ইৰাণ ইন্টাৰনেশ্যনেল নামৰ এটা ৱেবছাইটত এই দাবী কৰা হৈছে। এই ৱেবছাইটত লিখা হৈছে যে- ‘ইৰাণৰ আধুনিক ইতিহাসৰ আটাইতকৈ বৃহৎ হত্যাকাণ্ড’।

সমগ্ৰ ইৰাণতেই এতিয়া দেশখনৰ নাগৰিক ওলাই আহিছে পথলৈ, সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ইৰাণৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। 

বিগত বহু দিনৰ পৰা এই প্ৰতিবাদ অব্যাহত আছে ইৰাণৰ প্ৰতিটো প্ৰান্তত। ইফালে, ইৰাণ ইন্টাৰনেশ্যনেল নামৰ ৱেবছাইটটোত উল্লেখ কৰা এই সংখ্যা অনুমানিক সংখ্যাৰ তুলনাত বহু গুণেই বেছি। এই প্ৰতিবেদনত লিখা হৈছে যে- ৰিভলুশ্যনৰী গাৰ্ডছ আৰু বাছিজ বলৰ দ্বাৰা সৰ্বাধিক হত্যা কৰা হৈছে। 

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেৰ নিৰ্দেশমৰ্মেই ৮ আৰু ৯ জানুৱাৰীৰ নিশা সৰ্বাধিক লোকক হত্যা কৰা হৈছিল। হত্যা কৰা ১২ হাজাৰ লোকৰ ভিতৰত অধিক সংখ্যকেই ৩০ বছৰৰ বয়সৰ তলৰ যুৱক-যুৱতী আছিল। অৱশ্যে ইৰাণ চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই।

উল্লেখযোগ্য যে, ইৰাণৰ মৌলবী ব্যৱস্থা সম্পূৰ্ণৰূপে শেষ কৰাৰ দাবী উত্থাপন কৰি আহিছে প্ৰতিবাদকাৰীয়ে। ১৯৭৯চনৰ পৰা দেশখনত চলি থকা শাসন ব্যৱস্থা বা শাসনকাৰীক আঁতৰাবলৈ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিদিনেই ইৰাণত প্ৰতিবাদৰ ফলত অশান্তি বৃদ্ধি পাই গৈ আছে আৰু প্ৰতিবাদী কাৰ্যসূচীক শুকুৰবাৰে আলী খামেনেয়ে নিন্দা কৰে।  

এই পৰিস্থিতি এনে সময়ত সংঘটিত হৈছে যি সময়ত এক চিন্তনীয় আন্তঃৰাষ্ট্ৰীয় পৃষ্ঠভূমিও গঢ় লৈ উঠিছে। ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইমৰাণৰ ওপৰত সোমবাৰে ২৫ শতাংশ অধিক শুল্ক আৰোপ কৰিছিল। 

protest iran