/asomiyapratidin/media/media_files/2026/01/14/web-2-2026-01-14-13-19-13.jpg)
ডিজিটেল ডেস্কঃ এতিয়া কেৱল ভেনিজুৱেলাই নহয়, সমগ্ৰ বিশ্বই নজৰ ৰাখিছে ইৰানৰ ওপৰত। বিগত প্ৰায় দুটা সপ্তাহ ধৰি ইৰানত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। এই সংঘৰ্ষৰ ফলত বৰ্তমানলৈ প্ৰায় ২৫০০ৰো অধিক লোকে হেৰুৱাইছে প্ৰাণ।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, আমেৰিকাই ইৰানৰ ওপৰত প্ৰতিদিনাই হেঁচা দি আহিছে। আৰু ইয়াৰ পৰা এটাই ইংগিত পোৱা যায় যে, যিকোনো সময়তে আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ কৰিব পাৰে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানৰ প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি কয় যে- আপোনালোকে প্ৰতিবাদ অব্যাহত ৰাখক, সহায় আদবাটতে আছে।
ইফালে, ইৰানৰ খামেনেই চৰকাৰে দাবী কৰি যে সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে। কিন্তু প্ৰকৃতাৰ্থত এতিয়াও শান্ত হোৱা নাই ইৰানৰ পৰিস্থিতি। আমেৰিকাৰ এজেন্সী HRANAয়ে সদৰী কৰা অনুসৰি- ইৰানত ইন্টাৰনেট সেৱা বন্ধ কৰাৰ পাছতো যোৱা ১৭ দিনত ২৪০৩গৰাকী প্ৰতিবাদকাৰী, ১৪৭গৰাকী চৰকাৰী লোক, ৯গৰাকী সাধাৰণ নাগৰিক (যিসকলে কোনো প্ৰতিবাদত অংশ লোৱা নাই), ১২টা শিশুক হত্যা কৰা হৈছে।
আনহাতে, মঙলবাৰে ট্ৰাম্পে সামাজিক মাধ্যমত ইৰানক সকীয়াই দি লিখে যে- 'ইৰান চৰকাৰে এই হত্যাৰ বাবে ভয়ংকৰ পৰিণাম পাব। ইৰানৰ দেশভক্তসকলে এই প্ৰতিবাদ অব্যাহত ৰাখক। হত্যাকাৰী আৰু দুৰ্ব্যৱহাৰ কৰা সকলৰ নাম লিখি থওক। তেওঁলোকে এটা সময়ত ইয়াৰ বাবে ভয়ংকৰ পৰিণাম পাব। মই প্ৰতিবাদকাৰীৰ হত্যা বন্ধ নোহোৱা পৰ্যন্ত ইৰানৰ প্ৰতিনিধিসকলৰ সৈতে কোনো বৈঠকত মিলিত নহওঁ। আকৌ আমেৰিকা মহান বনাওক।'
ইয়াৰ বিপৰীতে ইৰান চৰকাৰৰ তৰফৰ পৰাও সামাজিক মাধ্যমত ট্ৰাম্পক উদ্দেশ্যি লিখা হৈছে যে- 'ইৰানক লৈ আমেৰিকাৰ যি কল্পনা-সপোন, সেয়া পূৰণ কৰিবলৈ আমেৰিকাৰ তৰফৰ পৰা এনেবোৰ অপচেষ্টা চলাই সৈনিক হস্তক্ষেপ কৰিব বিচাৰিছে।'
সমগ্ৰ বিশ্বৰ এতিয়া ইৰানৰ ওপৰত নজৰ আছে, বিশেষকৈ আমেৰিকাৰ। আৰু হয়তো শীঘ্ৰেই আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ কৰিব। যাৰ ফলত দুয়োখন দেশৰ মাজত আৰম্ভ হ’ব পাৰে যুদ্ধ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us