আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ ৰাষ্ট্ৰপতিলৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ

মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

author-image
Asomiya Pratidin
New Update
zdg

ডিজিটেল ডেস্ক : মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

উল্লেখযোগ্য যে, সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই আলোচনা কৰে । ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰিবলৈ ইজৰাইলৰ আক্ৰমণক সমৰ্থন কৰি দেওবাৰে পুৱাৰ ভাগত আমেৰিকান সেনাই ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ চলোৱাৰ সময়ত দুয়োগৰাকী নেতা মিলিত হয় এই টেলিফোনিক বাৰ্তালাপত। 

তাৰোপৰি ফোনযোগে মোদীয়ে ইৰানৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। লগতে আলোচনা আৰু কূটনীতিৰে আগবাঢ়িবলৈ ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীলৈ পৰামৰ্শ আগবঢ়াই মোদীয়ে।

এইখিনিতে এইটো কথাও উল্লেখ কৰিব পাৰি যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণৰ তথ্য সদৰী কৰি কয় - ইৰানৰ পাৰমাণৱিক কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ইৰানে যদি প্ৰতিশোধ লয়, তেন্তে ইয়াৰ বিৰুদ্ধে আৰু অধিক আক্ৰমণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

ট্ৰাম্পে আৰু কয় যে আমেৰিকাই এনে অধিক কেন্দ্ৰক ৰাষ্ট্ৰখনৰ নিখুঁত পৰিকল্পনা আৰু দক্ষতাৰে লক্ষ্য কৰি ল’ব পাৰে।

নৰেন্দ্ৰ মোদী