/asomiyapratidin/media/media_files/2026/03/09/web-2026-03-09-09-59-43.jpeg)
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ঘোষণা হ'ল ইৰাণৰ সৰ্বোচ্চ নেতাৰ নাম। আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ মোজতাবা খামেনেইক দেশৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে। ইৰাণৰ বিশেষজ্ঞ বিধান সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে দেওবাৰে ঘোষণা কৰে যে বিশেষজ্ঞ বিধানসভাই (৮৮ জনীয়া ধৰ্মীয় সংস্থা) মোজতাবা খামেনীক “নিৰ্ণায়ক ভোট”ৰ জৰিয়তে তৃতীয় উচ্চতম নেতা হিচাপে নিৰ্বাচিত কৰিছে। এই নাম ঘোষণা কৰাৰ লগে লগে ইৰাণৰ সামৰিক বাহিনী, ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি) আৰু ৰাজনৈতিক নেতাসকলে লগে লগে মোজতাবা খামেনেইৰ প্ৰতি আনুগত্যৰ শপত গ্ৰহণ কৰে।
আই আৰ জি চিয়ে এক বিবৃতিত কয় যে, "আমি নতুন নেতা আয়াতুল্লাহ ছেইয়দ মোজতাবা খামেনেইৰ নিৰ্দেশ মানি চলি নিজকে বলিদান দিবলৈ সাজু। শীৰ্ষ সামৰিক নেতৃত্বই সম্পূৰ্ণ আনুগত্য প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছে।"
সংসদৰ অধ্যক্ষই ইয়াক “ধৰ্মীয় আৰু জাতীয় কৰ্তব্য” বুলি অভিহিত কৰে। নিৰাপত্তাৰক্ষী মুৰব্বীগৰাকীয়ে কয় যে এই জটিল সময়ত নতুন নেতাগৰাকীয়ে দেশক সঠিক দিশত পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us