পাৰমাণৱিক ক্ষেত্ৰত আক্ৰমণৰ পাছতে ইৰাণত ভূমিকম্প!

এফালে ইজৰাইল-আমেৰিকাৰ মিছাইলে ইৰাণবাসীৰ হৃদয় কঁপাই তুলিছে, আনফালে ভূমিকম্পই কঁপাইছে দেশখন।

author-image
Asomiya Pratidin
New Update
irannnnnn

ডিজিটেল ডেস্কঃ এফালে ইজৰাইল-আমেৰিকাৰ মিছাইলে ইৰাণবাসীৰ হৃদয় কঁপাই তুলিছে, আনফালে ভূমিকম্পই কঁপাইছে দেশখন। আমেৰিকা-ইজলাইে কৰা আক্ৰমণৰ মাজতে মঙলবাৰে ভূমিকম্পই জোঁকাৰি থৈ যায় ইৰাণক। 


দক্ষিণ ইৰাণৰ গৈৰাশ এলেকাত অনুভূত হয় ৪.৩ প্ৰাবল্যৰ ভূমিকম্প। এই ভূমিকম্পনৰ অভিকেন্দ্ৰ আছিল গেৰাশৰ ভূমিৰ  প্ৰায় ১০ কিলোমিটাৰ ভিতৰত। 

ইৰাণ আৰু ইজৰাইল-আমেৰিকাৰ যুদ্ধৰ সময়ত দুয়োখন দেশতেই হাইএলাৰ্ট জাৰি কৰা হৈছে। সময়ে সময়ে ছাইৰেন বজোৱাৰ সময়তে নিজ নিজ বাসগৃহৰ ভিতৰৰ বাংকাৰত আশ্ৰয় ল’বলগীয়া হৈছে নাগৰিকসকলে। 

এনে এক ভয়াৱহ পৰিৱেশ-পৰিস্থিতিৰ মাজত এতিয়া আকৌ এনেধৰণৰ ভূমিকম্পনৰ ফলত অধিক শংকিত হৈ পৰিছে ইৰাণৰ নাগৰিকসকল। 

উল্লেখ্য যে, ইৰাণৰ নাটাঞ্জ পাৰমাণৱিক ক্ষেত্ৰত ইজৰাইলৰ তৰফৰ পৰা ক্ষতিগ্ৰস্ত কৰা বুলি সদৰী কৰা হৈছে আমেৰিকাই। ইজৰাইল-আমেৰিকাৰ মিছাইলে এফালৰ পৰা ইৰাণৰ মুখ্য চহৰসমূহক ধ্বংসস্তূপত পৰিণত কৰাৰ উপৰি এনেদৰে পাৰমাণৱিক ক্ষেত্ৰত আক্ৰমণ কৰাৰ ফলতো এইধৰণৰ ভূমিকম্পন হ’ব পাৰে বুলি সন্দেহ কৰিছে বিশেষজ্ঞসকলে। 

ইৰাণ ইৰাণ ইজৰাইল যুদ্ধ