/asomiyapratidin/media/media_files/2026/01/10/irass-2026-01-10-14-31-58.jpg)
ডিজিটেল ডেস্কঃ অধিক অশান্ত হৈ পৰিছে ইৰাণ। পৰিস্থিতি চম্ভালিবলৈ ইৰাণ সেনা তথ আৰক্ষীৰ গুলীত মৃত্যু হোৱা লোকৰ মৃতদেহে দম বান্ধিছে। ইৰাণত চলি থকা চৰকাৰ বিৰোধী প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে।
ৰাজধানী তেহৰাণৰ এজন চিকিৎসকে নাম প্ৰকাশ নকৰাৰ চৰ্তত টাইম আলোচনীক জনোৱা মতে, ৰাজধানীখনৰ মাত্ৰ ৬ খন চিকিৎসালয়ত কমেও ২১৭ জন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াৰে অধিকাংশই বন্দুকৰ গুলীত।
এই প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰে পৰা ইৰাণ চৰকাৰে ইণ্টাৰনেট কৰ্তন কৰিছে। ইৰাণৰ ৩১খন প্ৰদেশতে বিয়পি পৰিছে এই হিংসাত্মক ঘটনা। টাইম আলোচনীক ইৰাণৰ এজন চিকিৎসকে জনোৱা মতে, প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে কেইবাটাও অঞ্চলত প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে।
চিকিৎসালয়ৰ পৰা মৃতদেহ আঁতৰাই নিয়া হৈছে বুলিও সদৰি কৰিছে একাংশ প্ৰত্যক্ষদশীয়ে । উত্তৰ তেহৰাণৰ এখন আৰক্ষী থানাৰ বাহিৰত মেচিনগানৰ গুলীত কেইবাজনো প্ৰতিবাদকাৰী নিহত হোৱাৰ ফলত কমেও ৩০ জন লোক আহত হয়। ইৰাণৰ প্ৰতিবাদকাৰীয়ে তেহৰাণৰ আল-ৰছুল মছজিদতো অগ্নিসংযোগ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us