/asomiyapratidin/media/media_files/2025/12/13/1-2025-12-13-16-09-39.jpg)
ডিজিটেল ডেস্কঃ ইৰাণত পুনৰ গ্ৰেপ্তাৰ কৰা হয় নোবেল বঁটা বিজয়ী নৰ্গেছ মহম্মদীক। ৩৬ বছৰ কাৰাবাস খাতি অহাৰ পাছত পুনৰ নৰ্গেছ মহম্মদী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/images-11-2025-12-13-16-04-45.jpeg)
উল্লেখ্য যে, এক স্মৃতি চাৰণ সভাত নৰ্গেছ মহম্মদীয়ে ভাষণ প্ৰদান কৰা অৱস্থাত ইৰাণৰ নিৰাপত্তাবাহিনীয়ে গ্ৰেপ্তাৰ কৰে। ইপিনে ইৰাণৰ অন্যতম বিশিষ্ট মানৱ অধিকাৰ কৰ্মী মহম্মদীয়ে ২০২৩ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/download-3-2025-12-13-16-05-13.jpeg)
প্ৰকাশিত খবৰ অনুসৰি, তেওঁৰ ফাউণ্ডেচনে উল্লেখ কৰিছে যে, মাছহাদত খোছৰ’আলিকোৰ্ডিৰ স্মৃতিচাৰণ অনুষ্ঠানৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰে। সমৰ্থকসকলে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত মহম্মদীয়ে হিজাব নোহোৱাকৈ ৰাইজক সম্বোধন কৰি শ্ল’গান দিয়া পৰিলক্ষিত হৈছিল।ইপিনে মহম্মদীৰ ফাউণ্ডেচনে তেওঁক গ্ৰেপ্তাৰ কৰা সময় আৰু পৰিস্থিতিৰ তথ্য প্ৰদান কৰিছে। ২০১১ চনত শেষবাৰৰ বাবে কাৰাবন্দী হৈছিল নৰ্গেছ মহম্মদী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us