সাম্প্ৰতিক পৰিস্থিতিত গ্ৰেপ্তাৰ হোৱাতোৱেই নিজক সুৰক্ষিত কৰাৰ নিৰাপদ উপায়ঃ কিয় ক'লে প্ৰাক্তন IGP য়ে ?

অসম আৰক্ষীৰ ভূতঃপূৰ্ব মহাপৰিদৰ্শক তথা আই পি এছ বিষয়া ভায়লেট  বৰুৱাই তেওঁ ফেচবুক একাউন্টৰ জৰিয়তে প্ৰকাশ কৰা এক মন্তব্য সামাজিক মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰ হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-21 at 4.03.41 PM (1)

ডিজিটেল ডেস্কঃ  অস্বাভাৱিক পৰিস্থিতিত জনতাৰ কন্ঠ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই কোনেও। সমগ্ৰ ৰাজ্যতে এই অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ বাবে বিভিন্ন শ্ৰেণীৰ লোকে জগৰীয়া কৰিছে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰা অনুষ্ঠানটোৰ মুখ্য ভূমিকাত থকা শ্যামকানু মহন্তক।

জুবিন গাৰ্গৰ দৰে এগৰাকী বিশেষ আৰু অসুস্থ অতিথিক কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ কাৰোবাৰ সৈতে সাগৰৰ পাৰলৈ যাবলৈ এৰি দি নিজে সমগ্ৰ টিম লগত লৈ ব্যৱসায়ীক সভাত ব্যস্ত থকা ঘটনাক কেন্দ্ৰ কৰি ক্ষোভৰ জুই জ্বলিছে সৰ্বত্ৰে।

বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে। ইয়াৰ ভিত্তিত চি আই ডি য়ে এক গোচৰো ৰুজু কৰিছে। খোদ মুখ্যমন্ত্ৰীয়ে এই অভিযোগ নসাৎ কৰিব নোৱাৰি বুলি মন্তব্য কৰাৰ উপৰি গোচৰৰ আঁওতাত মূলতঃ শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ সৈতে শেষ মূহুৰ্তলৈ লগত থকা তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নিশ্চিতভাৱে সাঙুৰ খাব বুলি স্পষ্ট কৰি দিয়ে।

ইয়াৰ পূৰ্বে ছিংগাপুৰ আৰক্ষীয়েও এওঁলোক দুজনৰ লগতে মুঠ ১১ গৰাকী লোকক জেৰা কৰাৰ খবৰো স্বয়ং শ্যামকানু মহন্তই স্বীকাৰ কৰিছে। এনে সময়তে অসম আৰক্ষীৰ ভূতঃপূৰ্ব মহাপৰিদৰ্শক তথা আই পি এছ বিষয়া ভায়লেট  বৰুৱাই তেওঁ ফেচবুক একাউন্টৰ জৰিয়তে প্ৰকাশ কৰা এক মন্তব্য সামাজিক মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰ হৈছে।

যিটোৱে পঞ্জীয়নভূক্ত গোচৰটোত থকা আসোঁৱাহৰ লগতে এনে পদক্ষেপে বহু সময়ত অপৰাধীক সুৰক্ষা লাভ কৰাত হে সহায় কৰে বুলি এক ধাৰণা স্পষ্ট  কৰি দিছে। সেয়ে অতি স্বাভাৱিকভাৱে উক্ত পোষ্টটোৱে সমগ্ৰ বিষয়টোক দিছে নতুন এক মাত্ৰা।

কি আছিল এই পোষ্টটো, কিয় এনেদৰে কৈছে এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই? স্বয়ং ভায়লেট বৰুৱাই বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি অধিক স্পষ্ট কৰাতো সকলোৱে কামনা কৰিছে। 

তেনে পৰিস্থিতিতে আমি তেওঁৰ পোষ্টটো হুবহু প্ৰকাশ কৰিছো - "আজিৰ এই পৰিস্থিতিত আটাইতকৈ সুৰক্ষিতভাৱে বাছি থকাৰ একমাত্ৰ উপায় হৈছে পুলিচ এৰেষ্ট। ইতিমধ্যে কেচ ৰেজিষ্টাৰ হৈছে কিন্তু আৰক্ষীয়ে S.238 of BNS (Causing disappearance of evidence বা providing false information) ধাৰাটো চিআইডিয়ে পঞ্জীয়ন কৰা কেচটোত সন্নিৱিষ্ট কৰিব লাগিছিল। অৱশ্যে এতিয়াও সময় আছে। বিষয়টো হ'ল নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন লগতে আমাৰবোৰৰো হিয়াৰ এফাল, ঘৰত দুষ্টালি কৰি থকা নিস্পাপ শিশুটিৰ দৰে। সেইবাৰে অসমীয়াহে বুলি... সেয়েহে Please Don't always take it for granted".

জুবিন গাৰ্গ