/asomiyapratidin/media/media_files/2025/03/16/sLol6PcEssMdKeSGGP4B.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ দুখন মেচ। ইয়াৰে ২৬ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ, ৰাজস্থান আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত । আনখন ৩০ মাৰ্চত চেন্নাইৰ বিৰুদ্ধে।
২৬ মাৰ্চৰ দিনা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখনৰ কেইবাটাও শ্ৰেণীৰ টিকট আগতীয়াকৈ মুকলি কৰি দিছে আই পি এল কৰ্তৃপক্ষই। তাৰোপৰি ছাত্ৰ- ছাত্ৰীৰ বাবেও ৰখা হৈছে ৰেহাই মূল্যৰ টিকট।
ছাত্ৰ- ছাত্ৰীসকলে মাত্ৰ ৫০০ টকাতে লাভ কৰি আই পি এলৰ মেচ চোৱাৰ সুবিধা। এই টিকটসমূহ অহা ১৮ মাৰ্চত ছাত্ৰ- ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ’ব।
গুৰুত্বপূৰ্ণ কথা এয়ে যে টিকটসমূহ কেৱল অফলাইনযোগেহে ক্ৰয় কৰিব লাগিব। অনলাইন মাধ্যমত উপলব্ধ নহ’ব ছাত্ৰ- ছাত্ৰীৰ টিকট।
মহানগৰীৰ বিশেষ বিশেষ স্থানত থকা কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব টিকটসমূহ। তাৰ বাবে ছাত্ৰ- ছাত্ৰীসকলে শিক্ষানুষ্ঠানৰ পৰা দিয়া প্ৰমাণপত্ৰ দেখুৱাই কাউণ্টাৰৰ পৰা ল’ব পাৰিব টিকট। উল্লেখযোগ্য যে, টিকট কাউণ্টাৰৰ স্থান আৰু সময় আগদিনা ঘোষণা কৰা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us