/asomiyapratidin/media/media_files/2026/01/31/zubeengargadhibesnanananan-2026-01-31-15-38-15.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক নিমন্ত্ৰণ জনোৱা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনলৈ৷ জুৱিন ক্ষেত্ৰত উপস্থিত হয় আদৰণী কমিটী আৰু প্ৰচাৰ উপ কমিটীৰ সদস্যসকল।
আদৰণী কমিটী আৰু প্ৰচাৰ উপ কমিটীৰ সদস্যসকলে জুবিনক্ষেত্ৰত ধৰ্মীয় ৰীতি-নীতিৰে শৰাই তামোল-পাণ লৈ প্ৰাণৰ শিল্পীগৰাকীক নিমন্ত্ৰণ জনালে জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক বাৰ্ষিক অধিৱেশনখনিলৈ৷
কায়িকভাৱ জুৱিন গাৰ্গ নাই যদিও তেওঁৰ আত্মাই অধিবেশনস্থলীত প্ৰবেশ কৰি জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ ধন্য কৰিব বুলি মন্তব্য কৰে নিমন্ত্ৰণ কৰিবলৈ যোৱা আদৰণী কমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us