ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ ধিঙৰ মৃদু মৌচম বৰা

অহা ২৩ জানুৱাৰীত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নতুনকৈ স্থাপন কৰা ' ভাৰতীয় ধ্ৰুপদী ভাষা পুথিভঁৰাল'টোৰ উদ্বোধনী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতি পৰা আমন্ত্ৰণ লাভ কৰিছে নগাঁৱৰ ধিং আঠ গাৱঁৰ মৃদু মৌচম বৰাই

author-image
Asomiya Pratidin
New Update
674

ডিজিটেল সংবাদ, নগাঁও : অহা ২৩ জানুৱাৰীত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নতুনকৈ স্থাপন কৰা ' ভাৰতীয় ধ্ৰুপদী ভাষা পুথিভঁৰাল'টোৰ উদ্বোধনী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতি পৰা আমন্ত্ৰণ লাভ কৰিছে নগাঁৱৰ ধিং আঠ গাৱঁৰ মৃদু মৌচম বৰাই। এই পুথিভঁৰালটিৰ ধ্ৰুপদী অসমীয়া ভাষা শিতানত নগঞা চিত্ৰ শিল্পী মৃদু মৌচম ৰ সংকলিত পাণ্ডুলিপি সম্পৰ্কীয় চাৰিখন গ্ৰন্থ, এখন বৰগীতৰ সাঁচিপতীয়া পুথি আৰু সাঁচিপাত, মহী, পৰম্পৰাগত ৰং প্ৰস্তুতকৰণৰ বিভিন্ন সামগ্ৰী দেশ-বিদেশৰ দৰ্শনাৰ্থীৰ বাবে প্ৰদৰ্শিত হৈ থাকিব।

WhatsApp Image 2026-01-21 at 10.37.34 PM

অসমীয়া ভাষা আৰু লিপিৰ সুপ্ৰাচীন ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি অসমীয়াৰ গৌৰৱময় ইতিহাস সমগ্ৰ বিশ্ববাসীক এই সম্পদ সমূহে সোঁৱৰাই থাকিব। উল্লেখযোগ্য যে, চিত্ৰ শিল্পী মৃদু মৌচম বৰাই ইয়াৰ পূৰ্বে সাঁচি পাতৰ পুথি আৰু টাই খাম পদ্ধতিৰে চিত্ৰ অংকন কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰপতি ভৱন