গা লৰিল অৰণ্য ভৱনৰ, বিতৰ্কিক ৰেঞ্জাৰৰ বিৰুদ্ধে আৰম্ভ তদন্ত

অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ ধ্ৰৱ দত্তৰ বিৰুদ্ধে অৱশেষত পদক্ষেপ গ্ৰহণ কৰিলে অৰণ্য ভৱনে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল হোৱা বিস্ফোৰক অভিযোগ পত্ৰৰ পাছতে সাৰ পালে অৰণ্য ভৱন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-31 at 12.03.01 PM

ডিজিটেল ডেস্কঃ অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ ধ্ৰৱ দত্তৰ বিৰুদ্ধে অৱশেষত পদক্ষেপ গ্ৰহণ কৰিলে অৰণ্য ভৱনে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল হোৱা বিস্ফোৰক অভিযোগ পত্ৰৰ পাছতে সাৰ পালে অৰণ্য ভৱন। অভিযোগ অনুসৰি, লক্ষীপুৰত ৰেঞ্জাৰ হিচাপে কৰ্মৰত অৱস্থাত ধ্ৰৱ দত্তই কোটি টকাৰ অবৈধ সম্পত্তি সংগ্ৰহ কৰাৰ লগতে মূল্যবান বনসম্পদ ধ্বংস কৰি বন আইনৰ বহুবিধ উলংঘা কৰিছিল।

Advertisment

এই অভিযোগৰ ভিত্তিত বিগত ৩০ জুলাইত অৰণ্য ভৱনৰ নিৰ্দেশত বন বিভাগৰ শীৰ্ষ বিষয়া এগৰাকীয়ে লক্ষীপুৰ বনাঞ্চল পৰিদৰ্শন কৰে আৰু স্থানীয়ভাৱে তদন্ত আৰম্ভ কৰে। অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰগৰাকীৰ বিৰুদ্ধে থকা প্ৰধান অভিযোগ সমূহ হৈছে- স্থানীয় ইটাভাটী আৰু মাফিয়া চক্রৰ সৈতে মিলি বনাঞ্চলৰ মাটি খনন আৰু বিক্ৰী, শাল আৰু চেগুন কাঠ অবৈধভাৱে কাটি বিক্ৰী কৰি বছৰি লক্ষাধিক টকাৰ বেচা-কিনা, কেৱল এবছৰৰ ভিতৰত প্ৰায় ৩০-৪০ লাখ টকা অবৈধভাৱে সংগ্ৰহ কৰাৰ অভিযোগ, ইয়াৰে ৬০% টকা ডিএফ’অ’ তেজাস মৰীস্বামীক দিয়াৰ অভিযোগ, বেঞ্চ ছ’মিল, অবৈধ কাঠ বাহন, পাওৱাৰ পাম্প, জেচিবি আৰু ট্ৰেক্টৰৰ ব্যৱহাৰৰ জৰিয়তে বন ধ্বংস, কেৱল ১৭ বছৰ বয়সতে চাকৰিত নিযুক্তি — যি “Assam Service Rule” অনুসৰি সম্পূৰ্ণ বেআইনী, চৰকাৰী কোয়াৰ্টাৰ বিক্ৰী কৰি ব্যক্তিগত লাভ অৰ্জন, বন বিভাগৰ অনুমতি অবিহনে কাঠ বিক্ৰী আদি।

অভিযোগকাৰীসকলে দাবী কৰিছে, এই অপৰাধমূলক কাৰ্যকলাপৰ বহুতো প্ৰমাণ থকাৰ পিছতো বিগত সময়ছোৱাত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। সেয়েহে এইবাৰ পুনৰ মুখ্যমন্ত্ৰীক জনসাধাৰণৰ স্বাৰ্থত এক নিৰপেক্ষ তদন্তৰ দাবী জনোৱা হৈছিল। তাৰ পিছতহে গা লৰিল অৰণ্য ভৱনৰ। ইতিমধ্যে অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ ধ্ৰৱ দত্তৰ বিৰুদ্ধে CR. 548/2024 নম্বৰৰ অধীনত গোৱালপাৰা চি.জে.এম আদালতত আইনী গোচৰো ৰুজু কৰা হৈছে।

ৰেঞ্জাৰ ধ্ৰুৱ দত্ত অৰণ্য ভৱন