কোনে বিয়পাইছে ইণ্টাৰনেট কৰ্তনৰ ভুৱা খবৰ? অসম আৰক্ষীয়ে ল'ব ব্যৱস্থা...

জুবিনৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। বৃহস্পতিবাৰে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত হোৱা প্ৰতিবাদে লৈছিল উত্তপ্ত পৰিস্থিতিৰ ৰূপ।

author-image
Tushar Pratim
New Update
ap 26

ডিজিটেল ডেস্কঃ জুবিনৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। বৃহস্পতিবাৰে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত হোৱা প্ৰতিবাদে লৈছিল উত্তপ্ত পৰিস্থিতিৰ ৰূপ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিয়ে পৰৱৰ্তী সময়ত অধিক উত্তপ্ত হৈ পৰিছিল। 

আৰক্ষীৰ প্ৰহাৰত ৰক্তাক্ত হৈছিল ৰাজপথ। আহত হৈছিল বহু জুবিন অনুৰাগী। আনকি আৰক্ষীয়ে নিশা অঞ্চলটোৰ বিভিন্নজনৰ ঘৰত প্ৰৱেশ কৰিও প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিয়লি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে আটক কৰে সংগীত পৰিচালক অজয় ফুকন আৰু ভিক্টৰ দাসক। তাৰোপৰি আৰক্ষীয়ে আটক কৰিছিল ১০ জনৰো অধিক যুৱকক। 

ইফালে ৰাজ্যৰ আন প্ৰান্ততো আৰম্ভ হৈছে প্ৰতিবাদ। আৰক্ষী, প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ক্ষোভ। এনে পৰিস্থিতিতে ৰাজ্যত ইণ্টাৰনেট কৰ্তন কৰাৰ সন্দৰ্ভত এক ভুৱা খবৰ বিয়পি পৰিছে। 
সেই তথ্য লাভ কৰাৰ পাছতে অসম আৰক্ষীয়ে তেওঁলোকৰ সামাজিক মাধ্যমৰ জৰিয়তে বিষয়টোত স্পষ্টিকৰণ জাৰি কৰিছে। অসম আৰক্ষীয়ে ফেচবুকৰ জৰিয়তে জনাইছে অসমত ইণ্টাৰনেট কৰ্তন কৰা হ’ব বুলি যি খবৰ ওলাইছে সেয়া অসাধু চক্ৰই বিয়পাইছে। 

অসম আৰক্ষীৰ ভেৰিফাইড ফেচবুক পেজৰ পৰা এই সন্দৰ্ভত লিখিছে এইদৰে- অসমত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব বুলি এক ভুৱা খবৰ অসাধু চক্ৰই বিয়পাইছে।অনুগ্ৰহ কৰি এনে উৰা বাতৰি বিশ্বাস নকৰিব আৰু নিবিয়পাব।ভুৱা খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। উৰা বাতৰিৰ বিৰুদ্ধে সজাগ হওক।

অসম আৰক্ষী ইণ্টাৰনেট কৰ্তন