৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ! প্ৰকৃত সত্য কি?

৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ! প্ৰকৃত সত্য কি?

author-image
asomiyapratidin
New Update
৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ! প্ৰকৃত সত্য কি?

ডিজিটেল ডেস্কঃ ৪৮ ঘণ্টাৰ বাবে সঁচাকৈয়ে বন্ধ হ'ব নেকি ইণ্টাৰনেট? ওহো, মুঠেই নহয়। বহুতে ভবাৰ দৰে ক্ৰিপ্ট'গ্ৰাফিক কীৰ মেইনটেনেন্সৰ ফলত সমগ্ৰ বিশ্বতে ৪৮ ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ নাযায়। ইন্টাৰনেট কৰ্প'ৰেশ্যন অব এছাইনড নেম এণ্ড নাম্বাৰ্ছ চমুকৈ ICANN-এ প্ৰথমবাৰৰ বাবে নিয়মমাফিকভাৱে ক্ৰিপ্ট'গ্ৰাফিক কীৰ মেইনটেনেন্সহে কৰিছে।

Advertisment

কি এই ক্ৰিপ্ট'গ্ৰাফিক কীৰ মেইনটেনেন্স? এয়া হৈছে ইন্টাৰনেট কৰ্প'ৰেশ্যন অব এছাইনড নেম এণ্ড নাম্বাৰ্ছে মেইন ডমেইন ছাৰ্ভাৰ আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক আন্তঃগাথনি কেইমুহূৰ্তমানৰ বাবে বন্ধ কৰি কীৰ সালসলনি ঘটোৱা।

ডিএনএছ অৰ্থাৎ ডমেইন নেম ছিষ্টেমক সুৰক্ষা প্ৰদান কৰি থকা ক্ৰিপ্ট'গ্ৰাফিক কী সলনিৰ জৰিয়তে সমগ্ৰ ইণ্টাৰনেট ব্যৱস্থাৰ আন্তঃগাথনিক ভয়াৱহ ক্ষতিৰ পৰা ৰক্ষা কৰিব পৰা যায়। উদাহৰণ স্বৰূপে abc.com হৈছে এটা ডমেইন নেম। ডমেইন নেম ছিষ্টেমে এই ডমেইন নেমটোক আই পি এড্ৰেছলৈ সলনি কৰে যাতে কম্পিউটাৰে সেয়া পাঠোদ্ধাৰ কৰিব পাৰে।

ডিএনএছ হৈছে ইণ্টাৰনেটৰ এড্ৰেছবুক সদৃশ আৰু ICANNৰ প্ৰধান কামটোৱেই হৈছে যিমানদূৰ সম্ভৱ সিমানদূৰলৈকে ইয়াক সুৰক্ষিত কৰি ৰখা। ইন্টাৰনেটত সংৰক্ষিত হৈ থকা ডাটাসমূহৰ সংৰক্ষণ তথা সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ICANN-এ এই পদক্ষেপ হাতত লৈছে।

ইয়াৰ ফলত সামান্যভাৱে ৱেব পেজ লোডিং লেহেমীয়া হ'ব পাৰে, তাৰ বাদে বৰ বিশেষ ভয় কৰিবলগীয়া ধৰণে কোনো সমস্যাৰ উদ্ভৱ নহয়। অৱশ্য যিসকলে Dial-up Internetৰ দৰে আউটডেটেড আই এছ পি ব্যৱহাৰ কৰি আছে সেইসকল ব্যৱহাৰকাৰী সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

ইতিমধ্যে বিশ্বৰ প্ৰতিখন দেশৰে ইন্টাৰনেটসেৱা প্ৰদানকাৰী সংস্থাসমূহক আগতীয়াকৈ সতৰ্ক কৰি দি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে ICANN-এ। ইয়াৰ মাজতে ডিজিটেল ইকনমিক্সৰ আন্তঃৰ্জাতিক বিশেষজ্ঞ আৰ্ছনে চেলটছিনেও নেটিজেনসকল শংকাৰ কোনো কাৰণ নাই বুলি জনাইছে৷ ক্ৰিপ্ট'গ্ৰাফিক কীৰ মেইনটেনেন্স লৈ নেটিজনেসকল শংকিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো ইতিমধ্যে সফলতাৰে মূল ছ'ফটৱেৰৰ আপডেট সম্পন্ন কৰা হৈছে৷'- আৰ্ছনে চেলটছিনৰ মন্তব্য।

ICANNৰ তৰফৰ পৰাও ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক শংকিত নহ'বলৈ আহ্বান জনোৱা দেখা গৈছে। 'ডিজিটেল তথ্য সংগ্ৰহৰ অনুক্ৰমিক ছিষ্টেমটো হৈছে ৰুট জ'ন৷ বিশ্বৰ ১৩০খনৰো অধিক স্থানত থকা কেবা শতাধিক ছাৰ্ভাৰৰ পৰা এয়া নিয়ন্ত্ৰিত হৈ থাকে৷ কোনো এটা ছাৰ্ভাৰ সাময়িকভাৱে বন্ধ হৈ পৰিলে বাকী ছাৰ্ভাৰসমূহে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ সাজু হৈ থাকে৷ সেয়ে এই নিয়মমাফিক মেইনটেনেন্সৰ ফলত ইণ্টাৰনেট সেৱা দুদিনৰ বাবে কোনো কাৰণতে সম্পূৰ্ণৰূপে বন্ধ হৈ নপৰে৷'- আশ্বাস প্ৰদান কৰি এইদৰে কয় ICANNৰ মূৰব্বী চেৰিন চালাবিয়ে।