গৌৰীপুৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ,মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য বিষয়।

উল্লেখ্য যে,ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰতো উদযাপন হয় আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে। গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন হয় আন্তৰ্জাতিক নাৰী দিৱস। পুৱা পতাকা উত্তোলন কৰাৰ পাছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহিলা সমিতিয়ে।

ইপিনে মুকলি সভাত মহিলা সকলৰ ওপৰতহৈ থকা অত্যাচাৰ বন্ধ কৰা,মহিলা সৱলীকৰণ,মহিলাৰ ন্যায়, নিৰাপত্তা আদিৰ ওপৰত আলোচনা কৰা হয়।

গৌৰীপুৰ