আজি আন্তৰ্জাতিক নাৰী দিৱসঃ জানক এইবাৰৰ বিষয়বস্তু...

আজি আন্তৰ্জাতিক নাৰী দিৱস।প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। বিশ্বৰ

author-image
Asomiya Pratidin
New Update
5a47399f-fafd-47c9-97f3-a2aabd4fd798

ডিজিটেল ডেস্ক: আজি আন্তৰ্জাতিক নাৰী দিৱস।প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য বিষয়।

ইতিহাস

নাৰী দিৱস উদ্‌যাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ পৰা ১০০ গৰাকী নাৰী প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে।

তাৰ ফলশ্ৰুতিত ১৯১১ চনৰ পৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো নাৰী দিৱস হিচাপে পালন কৰা হ’ল। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত এই দিনটো নাৰী দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে।উল্লেখ্য যে, ১৯৭৫ চনৰ ৮ মাৰ্চত ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰে।

এই বৰ্ষৰ বিষয়বস্তু 

প্ৰতি বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰসংঘই নাৰী দিৱসকলৈ এক বিষয়বস্তু হাতত লৈছে। ২০২৬বৰ্ষৰ বিষয়বস্তু- প্ৰত্যোকগৰাকী নাৰীকে সম অধিকাৰ আৰু ন্যায় প্ৰদান কৰা। 

আন্তৰ্জাতিক নাৰী দিৱস নাৰী দিৱস আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস