/asomiyapratidin/media/media_files/2026/03/07/mainiiiaa-2026-03-07-17-33-00.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: নাৰী কল্যাণ মঞ্চ, অসমৰ উদ্যোগত শনিবাৰে চানমাৰিস্থিত "নিৰাময় ভৱন" প্ৰাংগণত আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাক্ উদযাপন কৰা হয়। মঞ্চৰ সভাপতি চফিউৰ ৰহমান শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা, আদৰণি ভাষণ দাঙি ধৰে মঞ্চৰ সচিব তথা লেখিকা ড০ অসমী গগৈয়ে।
ড০ অসমী গগৈয়ে কয়- "নাৰী - পুৰুষৰ সমন্বয়ত এখন সমাজ সুন্দৰ হয়। ইজনে সিজনৰ কল্যাণৰ বাবে কাম কৰিব লাগে।" সভাত "নন্দিনী" আলোচনীৰ সম্পাদক তথা লেখিকা মাইনী মহন্তই মুখ্য অতিথিৰ ভাষণত কয়- "মহিলাৰ প্ৰতি সহমৰ্মিতা থাকে পুৰুষৰ। বহু প্ৰত্যাহ্বান নেওচি নাৰী আগুৱাই আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাৰী প্ৰায় সংখ্যকে সাদৰি।"
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/07/lksjdvcklscvkjdgv-2026-03-07-17-32-48.jpeg)
অনুষ্ঠানত লেখিকা অনিতা গোস্বামীয়ে নিৰ্দিষ্ট বক্তা, ৰাজ্য চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিৱ অঞ্জন শৰ্মা, চৰকাৰী পেঞ্চনাৰ সন্থাৰ দীনেশ দত্ত, ৰঞ্জন কুমাৰ দাস, বামুন্দি জি এল মেমোৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বিচিত্ৰা কলিতাই সন্মানীয় অতিথি হিচাপে বক্তব্য দাঙি ধৰে।
মঞ্জু গৌতমৰ গীতেৰে আৰম্ভ কৰা সভাত ৰূপাঞ্জলি মহন্ত, ড০ চয়ানিকা শৰ্মা, ৰিংকি ঠাকুৰীয়া, নৰ্মদা পাঠক আদিয়ে গীত-কবিতা পৰিৱেশন কৰে। সভাত নাৰী কল্যাণ মঞ্চ, অসমৰ অন্তৰ্গত বৰপেটা শাখাক বিশেষ ভাৱে সন্মানিত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us