ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ওপৰত খিলঞ্জীয়া জ্ঞান ব্যৱস্থাৰ প্ৰভাৱ শীৰ্ষক আলোচনাচক্ৰত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 11.42.19 AM

ডিজিটেল ডেস্কঃ  ডিমৰীয়া মহাবিদ্যালয়ত হিন্দী,অসমীয়া বিভাগ আৰু ভাষা, সংস্কৃতি আৰু পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। 

উল্লেখ্য যে আজিৰে পৰা অনুষ্ঠিত হয় এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ । ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ওপৰত খিলঞ্জীয়া জ্ঞান ব্যৱস্থাৰ প্ৰভাৱ শীৰ্ষক আলোচনাচক্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াকে মুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

আৰম্ভণি অনুষ্ঠানটোৰ অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, ড° কিৰণ হাজৰিকা,ড° দেবহাৰী তালুকদাৰ,ড°মহানন্দ বৰা,ড° সপন ৰনবীৰ সিঙকে মুখ্য কৰি বহু বিশিষ্ট লোক। 

ডিমৰীয়া