/asomiyapratidin/media/media_files/2026/02/21/new-ap-we-2026-02-21-20-44-15.jpeg)
ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটো ৰাজ্যবাসীয়ে আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ নেহা আগৰৱালা সভা কক্ষত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ভাষণ প্ৰদান কৰি কয় যে- মাতৃভাষাই শিক্ষাৰ ভেটি দৃঢ় কৰে আৰু মনৰ ভাব-বিনিময়ৰ ক্ষেত্ৰত ই এক উৎকৃষ্ট মাধ্যম।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-pm-2026-02-21-20-40-48.jpeg)
তেওঁ সকলোকে মাতৃভাষাক শ্ৰদ্ধা জনাই ইয়াৰ সংৰক্ষণ আৰু প্ৰচাৰত সচেষ্ট হ’বলৈ আহ্বান জনায়। এই উপলক্ষে সভাৰ পৰা প্ৰতিখন জিলাৰ উপায়ুক্তৰ হাতত চৰকাৰী ৰাজ্যভাষা আইন অনুসৰি মাতৃভাষাৰ যথাযথ ব্যৱহাৰ নিশ্চিত কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে। গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত তথ্য-প্ৰযুক্তি আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া,মধ্য গুৱাহাটী স্বৰ্ণ শাখাৰ সভাপতি প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া,কমলচন্দ্ৰ লহকৰ,মিঠু দাস,সুব্ৰত চৰকাৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু গুৱাহাটী কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us