ডিজিটেল সংবাদঃ ২০২৫ চনৰ ১৫ মাৰ্চত নতুন দিল্লীত ইউ এফ অ’ আৰু এলিয়েন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে স্বামী বিবেকানন্দ আৰু নিকোলা টেছলা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনে।
এই অনুষ্ঠানটোৱে বৈদিক বিজ্ঞান, মহাজাগতিক শক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই)ৰ সৈতে ইউএফঅ’ আৰু এলিয়েন পৰিঘটনাৰ সংযোগ কৰি ইয়াক গভীৰভাৱে অধ্যয়ন কৰিব। যিয়ে প্ৰাচীন মেধা আৰু আধুনিক বৈজ্ঞানিক উন্নতিৰ মাজত এক অনন্য অন্বেষণৰ পোষকতা কৰিব।
উক্ত সন্মিলনখনত অংশগ্ৰহণৰ বাবে ইছৰো, নাছা, ইউৰোপীয় মহাকাশ সংস্থা (ই এছ এ), জাপানী, ইটালী, আৰু ৰাছিয়াৰ মহাকাশ সংস্থা, দা স্পেছ জেনেৰেচন এডভাইচৰি কাউন্সিল, ইন্টাৰনেশনেল ইউএফঅ' কংগ্ৰেছ, ইউৰোপৰিয়ান ইউএফঅ' কংগ্ৰেছ, স্পেচএক্স, আই আই টি, বেনাৰস হিন্দু বিশ্ববিদ্যালয় আদি বিশিষ্ট সংস্থাক আমন্ত্ৰণ জনোৱা হ’ব। এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট বিশেষজ্ঞ, মহাকাশচাৰী, গৱেষকসকলকো আদৰণি জনোৱা হ’ব।
এই সন্মিলনৰ বিষয় সমূহ ক্ৰমে-
আন্তঃশাখা সংলাপ
ঐতিহাসিক আখ্যান,আধুনিক ইউ এফ অ’ আৰু এলিয়েন দৰ্শনৰ মাজৰ সম্ভাৱ্য সংযোগৰ অনুসন্ধান সন্দৰ্ভত আলোচনা।
প্ৰাচীন প্ৰজ্ঞাৰ পৰা অন্তৰ্দৃষ্টি
বৈদিক বিজ্ঞান আৰু প্ৰাচীন শাস্ত্ৰসমূহ অন্বেষণ। কিদৰে আধুনিক বৈজ্ঞানিক অনুসন্ধানৰ সৈতে পৰম্পৰাগত জ্ঞানৰ সংমিশ্ৰণ ঘটাই অস্পষ্ট পৰিঘটনাৰ ওপৰত নতুন দৃষ্টিভংগী প্ৰদান কৰিব পাৰি।
গ্লোবেল স্পেচ কমিউনিটি আমন্ত্ৰণ
এই অনুষ্ঠানৰ অংশ হ’বলৈ এছভিএনটিআইএফৰ সভাপতি মানস ডেকাই বিশ্বৰ আগশাৰীৰ মহাকাশ সংস্থা, শৈক্ষিক প্ৰতিষ্ঠান, আৰু গৱেষকসকলক উষ্ম আমন্ত্ৰণ জনাইছে।
উল্লেখ্য যে, ২০২৪ চনৰ ৩০ নৱেম্বৰত নতুন দিল্লীত স্বামী বিবেকানন্দ আৰু নিকোলা টেছলাৰ উত্তৰাধিকাৰ আৰু তেওঁলোকৰ অনন্য সহযোগিতাই কেনেদৰে মানৱতাৰ বাবে অনন্য মূল্যবোধৰ সৃষ্টি কৰিছিল এই সন্দৰ্ভত এখন সন্মিলন অনুষ্ঠিত হৈছিল। উক্ত সন্মিলনৰ সফলতাৰ পাছতে এছভিএনটিআইএফে পৰৱৰ্তী সন্মিলনৰ বাবে সাজু হৈছে।