আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসঃ তামুলপুৰত অসম লেখিকা সমাজৰ বিশেষ অনুষ্ঠান

আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস। প্ৰতি বছৰে ৯ আগষ্টৰ দিনটোক সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস বা বিশ্ব ভূমিপুত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে।

author-image
Asomiya Pratidin
New Update
আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসঃ তামুলপুৰত অসম লেখিকা সমাজৰ বিশেষ অনুষ্ঠান

ডিজিটেল ডেস্কঃ আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস। প্ৰতি বছৰে ৯ আগষ্টৰ দিনটোক সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস হিচাপে পালন কৰি অহা হৈছে। এই খিলঞ্জীয়া দিৱসক অৱশ্যে বিশ্ব ভূমিপুত্ৰ দিৱস বুলিও জনা যায়। 

বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়। ইয়াৰোপৰি বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশতন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল।

১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনসংখ্যাৰ কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপ-পৰিষদে এই দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই দিৱস উদযাপনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল।

এই দিৱসৰ লগত সংগতি ৰাখি যোৱা সময়ছোৱাত অসমতো কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। ব্যতিক্ৰম নহয় এইবাৰো। বিভিন্ন বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত খিলঞ্জীয়া দিৱস পালনৰ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈছে।অসম লেখিকা সমাজেও পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰ তামুলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত এইবাৰ খিলঞ্জীয়া দিৱৰ লগত সংগতি ৰাখি একাধিক কাৰ্যসূচীৰে ‘মাটি-মানুহ-সমন্বয় দিৱস’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অসম লেখিকা সমাজ ৰাষ্ট্ৰসংঘ খিলঞ্জীয়া দিৱস