দিব্যাংগ দিৱসঃ ২০২৪ ত ভাৰতীয় পেৰালিম্পিয়ানে আজুৰিছিল ২৯ টাকৈ পদক...

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   প্ৰতি বছৰে, দিব্যাংগ লোকসকলৰ অধিকাৰৰ প্ৰচাৰ আৰু তেওঁলোকৰ কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে ৩ ডিচেম্বৰত আন্তৰ্জাতিক দিব্যাংগ ব্যক্তিৰ দিৱস (আই.ডি.পি.ডি.) পালন কৰা হয়। আজিও দেশৰ ভিন্ন স্থানত দিব্যাংগ দিৱস পালন কৰা হয়।

G7OxuAubgAABHGO

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে। তেওঁ লগতে কয়, দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অর্থত উন্নত সমাজ বুলি ক'ব পাৰি। দিব্যাংগসকলক পুতৌৰ নহয়, বৰং সন্মান আৰু মৰ্যাদাৰহে প্ৰয়োজন।

G7OxqLvbkAAcMZg

দিব্যাংগসকলক প্রশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়,তেওঁলোকৰ অতুলনীয় সাফল্য সকলোৰে বাবে প্ৰেৰণাৰ উৎসস্বৰূপ। ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ ক্রীড়াৰ জৰিয়তে দিব্যাংগসকলৰ সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে পালন কৰি অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

G7OxnPyaoAEfPEN

 তেওঁ কয়, যে ২০১২ চনত অনুষ্ঠিত পেৰালিম্পিক্‌ঞ্ছত ভাৰতে মাত্র এটাহে পদক লাভ কৰিছিল, কিন্তু ২০২৪ চনৰ পেৰালিম্পিকৃত দেশে ২৯ টা পদক অর্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পৰা দেশৰ পেৰা এথলিটসকলে লাভ কৰা অগ্রগতি স্পষ্ট হৈ পৰিছে বুলি শ্রীমতী মুর্মুৱে উল্লেখ কৰে।

দ্ৰৌপদী মুৰ্মু