/asomiyapratidin/media/media_files/2025/09/28/446-2025-09-28-23-07-19.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত দেওবাৰে জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত কৰা হয় সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান ৷ ধলাইবিল, বৰমতা আৰু এক নং বৰপথাৰ গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ, কোৰাণ পাঠ,খ্ৰীষ্টিয় প্ৰাৰ্থনা,বেংগলী সংকীৰ্তন,বৌদ্ধ প্ৰাৰ্থনা,পাল নাম অনুষ্ঠিত কৰা হয় ৷
এই সৰ্বধৰ্ম অনুষ্ঠানৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ চল্লিশটাকৈ দিন কন্যকাত জুবিন গাৰ্গৰে সান্নিধ্যত থকা বিধায়কগৰাকীয়ে বহু কথা স্মৃতি ৰোমন্থন কৰাৰ লগতে নদুৱাৰ সমষ্টিত এখন নাহৰৰ উদ্যান স্থাপনৰ লগতে শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি স্থাপনৰ সিদ্ধান্তও ঘোষণা কৰে ৷
অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক বিভিন্ন ধৰ্ম্বালম্বী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয় ৷