/asomiyapratidin/media/media_files/2025/08/23/152-2025-08-23-21-42-36.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটৰ নুমলীগড়স্থিত দিল্লী পাব্লিক স্কুল (ডি পি এছ) ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শনিবাৰৰ পৰা তিনিদিনীয়াকৈ ২০২৫-২৬ বৰ্ষৰ চি বি এছ ই পূৱ মণ্ডল আন্তঃবিদ্যালয় টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ খেলসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ চি বি এছ ই ৰ তৰফৰপৰা কলিকতাৰ দক্ষ ৰেফাৰী জয় মুৰ্খাজীক নিযুক্তি দিয়া হৈছে ৷
লগতে পৰ্যবেক্ষক হিচাপে গুৱাহাটীস্থিত গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ক্ৰীড়া বিভাগৰ শিক্ষক অজয় বাচফৰক দায়িত্ব অৰ্পণ কৰা হৈছে ৷ আয়োজক বিদ্যালয়ৰ ক্ৰীড়া বিভাগৰ মুৰব্বী শিক্ষক বীৰেন্দ্ৰ সিং গোসাঁইয়ে বিদ্যালয়ৰ যোগদান কৰিছে ৷
তেওঁ সংবাদমেলত আৰু কয় যে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰবন্ধক (মানৱ সম্পদ) তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া ড° কাজল শইকীয়া উপস্থিত থাকে ৷ পূৱ মণ্ডলৰ ২৮ খন বিদ্যালয়ৰ ২০০ গৰাকী খেলুৱৈ প্ৰশিক্ষক সহ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷
ইয়াত উৰিষ্যা, পশ্চিমবঙ্গকে আদি কৰি চি বি এছ চিৰ অধীনৰ উত্তৰ-পূৱৰ প্ৰায়বোৰ আগশাৰী বিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে ৷ প্ৰতিযোগিতাই ছাত্ৰছাত্ৰী ক্ৰীড়া নৈপূণ্য , অনুশাসন আৰু ভ্ৰাতৃত্ববোধ বিকাশৰ লগতে আন্তঃ বিদ্যালয় সম্প্ৰীতি আৰু ক্ৰীড়া-সদ্ভাৱনা বঢ়াই তুলিব বুলি আশাকৰা হৈছে ৷