/asomiyapratidin/media/media_files/2025/08/24/165-2025-08-24-16-35-39.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : জাজ কোৰ্ট বাৰ এচোছিয়েশ্যনৰ উদ্যোগত লতাশিলস্থিত বিষ্ণু নিৰ্মলা ন্যাস ভৱনত আন্তঃ আইন মহাবিদ্যালয়, কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলা সামৰি এখন তৰ্ক প্ৰতিযোগিতা কালি অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনিৰ বিষয় আছিল : "সংবাদ মাধ্যমৰ বিচাৰৰ দ্বাৰা ন্যায়িক কাৰ্যবিধিৰ ন্যায্যতাত বাধাৰ সৃষ্টি কৰে।"
বাৰ এচোছিয়েশ্যনৰ সভাপতি অজন্ত তালুকদাৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীৰ ভক্তি ৰস পূৰ্ণ বৰগীত পৰিৱেশনেৰে প্ৰতিযোগিতাখনি মুকলি কৰে। বাৰ এচোছিয়েশ্যনৰ সম্পাদক দীপক কুমাৰ বৰুৱাই আদৰণি ভাষণ দিয়া সভাত সাংবাদিক নিতুমণি শইকীয়াই তৰ্ক প্ৰতিযোগিতাখনি উদ্ধোধন কৰি তাৎপৰ্যপূৰ্ণ কথা কয়। প্ৰতিযোগিতাখনিত অধ্যক্ষৰ আসন গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰে।
বিচাৰক হিচাপে উপস্থিত থাকে অধিবক্তা উমি ডেকা বৰুৱা, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদিপ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুন তালুকদাৰে। জুৰি হিচাপে আসন গ্ৰহণ কৰে অধিবক্তা শীলাদিত্য দত্ত আৰু দেৱজিৎ গোস্বামীয়ে।
তৰ্ক প্ৰতিযোগিতাত বিচাৰকৰ শ্ৰেষ্ঠ দল আগষ্ট আৰ কাশ্যপ আৰু ঋত্বিক জালান (জে বি আইন মহাবিদ্যালয়), শ্ৰেষ্ঠ তাৰ্কিক আগষ্ট আৰ কাশ্যপ, ২য় শ্ৰেষ্ঠ তাৰ্কিক যুটীয়া ভাৱে ৰিতুপৰ্ণ বৰুৱা আৰু নিষাদ তমন্না লস্কৰ ( এন ই এফ আইন মহাবিদ্যালয়), জুৰিৰ বিশেষ বঁটা আগষ্ট আৰ কাশ্যপ আৰু জ্যোতিস্মিতা গোস্বামী (এন ই এফ আইন মহাবিদ্যালয়) । অধিবক্তা পাপৰী দেৱীয়ে আঁত ধৰা অনুষ্ঠানত শৰাই আগবঢ়ায় ৰাজীৱ আহমেদে।