অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্য়োগত আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এখন তৰ্ক প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
sffedrer

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এখন তৰ্ক প্ৰতিযোগিতা। সদৌ অসম ভিত্তিক আন্তঃশিক্ষানুষ্ঠান ভিত্তিত অনুষ্ঠিত হ'বলগা এই তৰ্ক প্ৰতিযোগিতা 'কা' বিৰোধী গণ আন্দোলনৰ পঞ্চ শ্বহীদৰ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছে। 

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ৩০ আগষ্ট ২০২৫ৰ পুৱা ৯ বজাৰ পৰা এই তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। তৰ্ক প্ৰতিযোগিতাৰ বিষয় - "ইনাৰ লাইন পাৰ্মিত ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু অসম চুক্তিৰ আধাৰত সাংবিধানিক সুৰক্ষা কৱচ প্ৰদানৰ বাদে অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষাৰ আন কোনো বাটেই নাই।"

এই তৰ্ক প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই। উল্লেখযোগ্য যে, এই তৰ্ক প্ৰতিযোগিতাৰ মুঠ প্ৰাইজমনি ১,২০,০০০ টকা।

তৰ্ক প্ৰতিযোগিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ